/asomiyapratidin/media/media_files/2025/09/03/untitled-1-3-2025-09-03-12-31-21.jpg)
ডিজিটেল ডেস্ক : সৰবৰহী তথা বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা ভাৰতী বৰাৰ দেহৱসান। বশিষ্ঠৰ গণেশনগৰৰ বাসিন্দা বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭২ বছৰ। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ তেখেত হেলথ চিটি হাস্পতালত যোৱা ৯দিন ধৰি চিকিৎসাধীন হৈ আছিল।
৩ছেপ্তেম্বৰ ২০২৫ত পুৱা ৯-১০ মিনিটত বৰাই শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেখেতে দুই পুত্ৰ ক্ৰমে কুকিল বৰা, জয়ন্ত বৰাকে ধৰি তিনি কন্যা ক্ৰমে কবিতা দেৱী, জ্বলি বৰা সৰকাৰ আৰু ববিতা বৰাকে ধৰি নাতি-নাতিনীসহ আত্মীয় স্ব-জনক ইহসংসাৰত এৰি থৈ গৈছে।
বিশিষ্ট ব্যৱসায়ী তথা মৈত্ৰী ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী নীতিশ চন্দ্ৰ সৰকাৰৰ শাহুৱেক আছিল ভাৰতী বৰা।