/asomiyapratidin/media/media_files/2025/08/10/ujjujd-2025-08-10-21-21-11.jpg)
ডিজিটেল ডেস্কঃমিউচুৱেল ফাণ্ডৰ অতি জনপ্ৰিয় আৰু পছন্দৰ খুচুৰা বজাৰখনত বিনিয়োগে ক’ভিডৰ পিছৰ সময়ছোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিন্তু শেহতীয়াকৈ এই ক্ষেত্ৰখনত ভাৰতে দোপতদোপে আগবাঢ়িছে।
তুলনামূলকভাৱে কম সমৃদ্ধিশালী ৰাজ্যসমূহে এতিয়া এই বজাৰৰ সৈতে জড়িত আঁচনিসমূহত বিনিয়োগৰ ক্ষেত্ৰত আগভাগ লৈছে। এই ক্ষেত্ৰত উত্তৰ প্ৰদেশে মিউচুৱেল ফাণ্ডৰ সম্পত্তিৰ ক্ষেত্ৰত তামিলনাডুক অতিক্ৰম কৰিছে, ৰাজস্থানে তেলেংগানাক অতিক্ৰম কৰিছে, আৰু মধ্যপ্ৰদেশ কেৰালাতকৈ আগবাঢ়িছে।
বাণিজ্যিক সংস্থা এ এম এফ আইৰ তথ্য অনুসৰি ২০২৫ চনৰ জুন মাহলৈকে প্ৰায় ৭৫ লাখ কোটি মিউচুৱেল ফাণ্ডৰ সম্পত্তিৰ ভিতৰত ১৮.৫ শতাংশ এ ইউ এম (পৰিচালনাৰ অধীনত থকা সম্পত্তি) বা প্ৰায় ১৪ লাখ কোটি টকা বি৩০ (শীৰ্ষ ৩০ খনৰ বাহিৰত) চহৰৰ পৰা আহিছিল।
যোৱা পাঁচ বছৰত শীৰ্ষ ৩০খন চহৰৰ সম্পত্তি ২৩ শতাংশ CAGR ৰে বৃদ্ধি পাইছে, আনহাতে B30 AUM বছৰি ২৮ শতাংশ কম্পাউণ্ডত বৃদ্ধি পাইছে। এই সময়ছোৱাত সামগ্ৰিক মিউচুৱেল ফাণ্ড এ ইউ এম ২৪ শতাংশ CAGR ৰে বৃদ্ধি পাইছে।