হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ সমাগম হ'ল প্ৰদেশ কংগ্ৰেছৰ তৃতীয় দিনৰ 'ভাৰত জোড়ো' যাত্ৰাত...

author-image
Asomiya Pratidin
New Update
হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ সমাগম হ'ল প্ৰদেশ কংগ্ৰেছৰ তৃতীয় দিনৰ 'ভাৰত জোড়ো' যাত্ৰাত...

bharat jodo yatra

ডিজিটেল সংবাদ ধুবুৰীঃ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো যাত্ৰা ইতিমধ্যে অসমতো আৰম্ভ হৈছে। অৱশ্যে অসমত ৰাহুল গান্ধীৰ পৰিৱৰ্তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বতহে আৰম্ভ হৈছে এই যাত্ৰা।

Advertisment

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাই ধুবুৰী পৰা শদিয়ালৈ প্ৰায় ৮৩৫ কিলোমিটাৰ পথক সামৰি ল'ব। প্ৰদেশ কংগ্ৰেছৰ এই যাত্ৰা আজি বগৰীবাৰীৰ ময়না বজাৰৰ ২৫ হাত কালী মন্দিৰ পৰা আৰম্ভ হৈ বিলাসীপাৰাৰ মেচপাৰাত অন্ত পৰে।

১১ কিলো মিটাৰ পদ যাত্ৰাৰ পূৰ্বে বগৰীবাৰীস্থিত ২৫ হাত কালী মন্দিৰত সেৱা আগবঢ়াই ভূপেন কুমাৰ বৰাই আজিৰ যাত্ৰা আৰম্ভ কৰে। তৃতীয় দিনত ভৰি দিয়া এই যাত্ৰাত আজি ভালেসংখ্যক নেতা কৰ্মীয়ে ভাগ লয়।

উল্লেখ্য যে, আজিৰ এই যাত্ৰাত বিহু নৃত্য, চাওতালি,মুছলমান সমাজৰ লাঠি খেল প্ৰদৰ্শনীৰে দৃষ্টি কাঢ়ে ৰাইজৰ৷ প্ৰায় চাৰি হেজাৰ লোকৰ সমাগমেৰে বিলাসীপাৰাৰ আকাশ বতাহ উত্তাল কৰে কংগ্ৰেছৰ এই পদযাত্ৰাই৷

আজি বগৰীবাৰীত সাংবাদিকৰ লগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ হোৱা এক স্বাক্ষাতকাৰত তেঁও কয় যে, বিজেপি শাসিত চৰকাৰখনে ৰাইজৰ ওপৰত চলোৱা নিৰ্যাতন,উৎপীড়ন,বঞ্চনা আৰু শোষনৰ পৰা অসমৰ মানুহক মুক্তি দিব লাগিব।

assam baharat jodo yatra bhupen kumar bora