ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰভাৱঃ নগাঁৱত আটক বন্ধৰ সমৰ্থক

আজি সমগ্ৰ দেশত ৩০ কোটি শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। ট্ৰেড ইউনিয়নসমূহে ১২ ফেব্ৰুৱাৰীত আহ্বান জনোৱা এই ভাৰত বন্ধৰ প্ৰভাৱ নগাঁও চহৰৰত মিশ্ৰিত ৰূপত পৰা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
gretere

ডিজিটেল ডেস্কঃ আজিসমগ্ৰ দেশত ৩০ কোটি শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। ট্ৰেড ইউনিয়নসমূহে ১২ ফেব্ৰুৱাৰীত আহ্বান জনোৱা এই ভাৰত বন্ধৰ প্ৰভাৱ নগাঁও চহৰৰত মিশ্ৰিত ৰূপত পৰা দেখা গৈছে।

ভাৰত বন্ধৰ বাবে ৰাজহুৱা পৰিবহণ, বেংকিং কাৰ্য্যকলাপ আৰু শিক্ষানুষ্ঠানসমূহ কিছু পৰিমাণে প্ৰভাৱ পৰা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ প্ৰতিবাদত ১০ টা ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাই নগাঁও চহৰৰ ক্লক টাৱাৰৰ ওচৰত কিছু সংখ্যক লোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। কিছুসময়ৰ পাছতে প্ৰতিবাদ কাৰীক নগাঁও আৰক্ষীয়ে আটক কৰি সদৰ থানালৈ লৈ যায়।

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰভাৱ ধুবুৰীতো ব্যাপকৰূপত পৰা দেখা যায়। আজি ধুবুৰীৰ পৰা সকলো ধৰণৰ যাত্ৰীবাহী বাছ, ট্ৰাকৰ চলাচল একেবাৰে বন্ধ থাকে। ধুবুৰীস্থিত সকলো বেংক প্ৰতিষ্ঠানকে ধৰি ষ্টেট বেংকৰ প্ৰধান শাখাৰ কাৰ্যালয়ো আজি বন্ধ থাকে।

অৱশ্যে ই-ৰিক্মা, তিনি চকীয়া যাত্ৰী বাহী বাহনৰ চলাচলো ধুবুৰী চহৰত কম চলি থকা পৰিলক্ষিত হয়।

ভাৰত বন্ধ