/asomiyapratidin/media/media_files/2025/09/16/358-2025-09-16-11-54-15.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ- শ ভক্তপ্ৰাণ ৰাইজে উপভোগ কৰিলে দ্বি শতবৰ্ষ গৰকা ২৭০ সংখ্যক বৰ্ষত খোজ পেলোৱা গৌৰৱোজ্জ্বল ইতিহাসৰে সমৃদ্ধ জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ নন্দোৎসৱ তথা বোকাখচা ভাওনা। গকুলৰ ৰজা নন্দই পুত্ৰ সন্তান লাভ কৰাৰ আনন্দত গকুলত গোপ -গোপীসকলে যি আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰিছিল সেই দৃশ্যকেই প্ৰতীকি ৰূপত জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ৰাইজে ২৭০ বছৰ ধৰি পৰম্পৰাগতভাৱে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰি আহিছে।
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নিশা শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা নাট অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়াৰপৰা নিশালৈকে গাঁওখনৰ নামঘৰ চৌহদত অনুষ্ঠিত হোৱা নন্দোৎসৱ তথা বোকাখচা ভাওনাত এইদৰেই গাঁওখনৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বোকাখচা ভাওনাত অংশ গ্ৰহণ কৰা দেখা পোৱা যায়। গাঁওবাসী ৰাইজৰ বিশ্বাস- গাঁওখনত যদি এই ভাওনা অনুষ্ঠিত নহয় তেন্তে গাঁওখনত নানা অপায়-অমঙ্গলে দেখা দিয়ে।
সেয়েহে গাঁওবাসী ৰাইজে বিৰতিহীনভাৱে ২৭০ বছৰ ধৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু বোকাখচা ভাওনা তথা নন্দোৎসৱ অনুষ্ঠিত কৰি আহিছে। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ পাছতেই পাতলৰচুক গাঁওৰ এই বোকাখচা ভাওনাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
এইবেলি এই ভাওনা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সমাজ পাতলৰ চুক গাওঁ শাখাৰ উদ্যোগত তথা গাওঁবাসীৰ সহযোগত অনুষ্ঠিত হয়৷জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱত সোমবাৰে অনুষ্ঠিত হয় ২৭০ সংখ্যক এই বোকাখেচা ভাওনা ৷ শ্ৰীকৃষ্ণৰ জন্মৰ পাচত গোৱালৰ প্ৰজা সকলে নন্দ ৰজাৰ ঘৰলৈ হাতত দধি,ঘিঁ,মাখন,নৈৱদ্যলৈ আনন্দ ফুৰ্টিৰে নাচিবাগি যাওঁতে সমগ্ৰ পথচোৱা বোকাহৈ পৰে ৷ প্ৰতিকী অৰ্থত এয়াই বোকাখেচা ভাওনা ৷ গাওঁবাসী ৰাইজে নিদিষ্ট গীত গাই গাই বোকাখেচে আৰু এই বোকা তথা পংক লবলৈ ভাওনাথলীত শ,শ ৰাইজৰ সমাগম হোৱা দেখা যায় ৷
ৰাইজৰ বিশ্বাস,এই বোকা তথা পংক শিৰত ল'লে ৰাইজৰ অপায় অমঙ্গল দূৰ হয় ৷ ৰাইজৰ বিশ্বাস ,এই নিৰ্দিষ্ট দিনটোত ভাওনা অনুষ্ঠিত নকৰিলে গাওঁখনত অপায় অমঙ্গলে দেখা দিয়ে ৷ ১৭৫৭ চনৰ পৰাই আৰম্ভ হোৱা এই ভাওনাক লৈ বিভিন্ন জনবিশ্বাস,প্ৰৱাদ জৰিতহৈ থকাৰ কথা ব্যক্ত কৰে গাওঁবাসীয়ে ৷