সৰগৰ দেৱ-দেৱী নামি আহিছে মৰতলৈ ! গণেশগুৰিত অসম ভিত্তিত ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতা

শংখ- বৰকাঁহ, ভোৰতাল- খোল আদি দেৱবাদ্যৰ ধ্বনিৰে মুখৰিত হ’ল মহানগৰীৰ গণেশগুৰি গোপাল বড়ো হাইস্কুল খেলপথাৰ। পুহমহীয়া জাৰৰ নিশাকো কাটি কৰি পৰম্পৰাগত সাজেৰে ওলাই আহিল মহানগৰবাসী ৰাইজ। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 8.34.55 PM

ডিজিটেল ডেস্ক : শংখ- বৰকাঁহ, ভোৰতাল- খোল আদি দেৱবাদ্যৰ ধ্বনিৰে মুখৰিত হ’ল মহানগৰীৰ গণেশগুৰি গোপাল বড়ো হাইস্কুল খেলপথাৰ। পুহমহীয়া জাৰৰ নিশাকো কাটি কৰি পৰম্পৰাগত সাজেৰে ওলাই আহিল মহানগৰবাসী ৰাইজ। 

WhatsApp Image 2025-12-20 at 7.21.42 PM

কাৰোৰে মনত নাই বিষণ্ণতা কিম্বা অৱসাদ। মুখত এমোকোৰা হাঁহি আৰু দুচকুত ভক্তিভৰা চাৱনিৰে পাৰি থোৱা আসনত বহি উপভোগ কৰিছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা। কিয়নো গণেশগুৰিত সদৌ অসম ভাওনা সন্মিলন, গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতা। 

WhatsApp Image 2025-12-20 at 7.21.43 PM

২০ আৰু ২১ ডিচেম্বৰ এই দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰতিযোগিতাৰ আজি প্ৰথমটো দিন। আজিৰ এই দিনটোত ৫খন ভাওনাৰ দৃশ্যাংশ মঞ্চস্থ কৰা হয়। 

WhatsApp Image 2025-12-20 at 7.21.43 PM (1)

উল্লেখযোগ্য যে, লখিমপুৰ, শিৱসাগৰ আৰু তেজপুৰৰ পৰা আহিছে এটাকৈ দল। একেদৰে মাজুলীৰ পৰা আহিছে ২টা দল। ইয়াৰে তেজপুৰৰ ভাওনা শিল্পীসকলে মঞ্চস্থ কৰে 'দক্ষযজ্ঞ' শীৰ্ষক ভাওনাৰ দৃশ্যাংশ। প্ৰতিটো দলে বিভিন্ন আখ্যানৰ ওপৰত ভাওনা মঞ্চস্থ কৰি দৰ্শকৰ মনত ভক্তিভাব জাগ্ৰত কৰাৰ লগতে মহানগৰবাসীক ভাওনা তত্ব বুজাৰ অৱকাশ দিয়ে।

WhatsApp Image 2025-12-20 at 7.21.44 PM

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই ভাওনা প্ৰতিযোগিতাখনি এক আধ্যাত্মিক পৰিৱেশত উদ্বোধন কৰে ড০ পীতাম্বৰ দেৱগোস্বামীয়ে। ড০ দেৱগোস্বামীয়ে উপস্থিত ৰাইজক ভাওনাৰ তত্ব বুজাই দিয়াৰ উপৰিও ইয়াৰ প্ৰাসংগিকতা উদ্বোধনী ভাষণত প্ৰদান কৰে। তেওঁ কয়- আজিৰ এই মহান দিনটোত "৪০ মিনিটতে মহানগৰবাসীয়ে বুজিব ভাওনাৰ তত্ব।"

WhatsApp Image 2025-12-20 at 7.21.44 PM (1)

ভাওনা ভাওনা সমাৰোহ