বালিজানৰ মেধাৱী ছাত্ৰ তীব্ৰজিৎ কলিতাৰ সাফল্য

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীত অধ্যয়ণ কৰাৰ সময়তেই OIL Super 30 ত আসন লাভ কৰিবলৈ সক্ষম হৈছিল তীব্ৰজিতে।

author-image
Asomiya Pratidin
New Update
mnmmn

ডিজিটেল সংবাদ,ছয়দুৱাৰ:  JEE Mains ২০২৫ ৰ মঙলবাৰে ঘোষিত ফলাফলত গহপুৰৰ বালিজানৰ মেধাৱী ছাত্র তীব্ৰজিৎ কলিতাই ৯৮.২৮ শতাংশ নম্বৰ লাভ কৰি সাফল্য অৰ্জন কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীত অধ্যয়ণ কৰাৰ সময়তেই OIL Super 30 ত আসন লাভ কৰিবলৈ সক্ষম হৈছিল তীব্ৰজিতে।

Advertisment

এইবাৰ সেই অনুষ্ঠানৰ শিক্ষক সকলৰ তত্ত্বাৱধানত থাকি অধ্যয়ণ কৰি এই ফলাফল লাভ কৰি কৃতিত্ব অৰ্জন কৰিছে ছাত্ৰ গৰাকীয়ে। তীব্ৰজিৎ কলিতা বালিজান নিবাসী,শিক্ষক অমৰেন্দ্ৰ কলিতা আৰু ৰাণী হাজৰিকাৰ পুত্ৰ।

উল্লেখযোগ্য যে,তীব্রজিৎ কলিতাৰ এই সাফল্যৰ আঁৰত আছে গহপুৰৰ অন্যতম সু-প্ৰতিষ্ঠিত শৈক্ষিক সেৱা প্ৰতিষ্ঠান "EPITYCHIA LEARNING HUB"ৰ পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদ্বীপ শইকীয়া আৰু গণিত বিষয়ৰ শিক্ষয়িত্ৰী উপমা মহন্তৰ যথেষ্ট অৰিহণা। এই দুয়োগৰাকী শিক্ষক দম্পত্তী "নিউ স্কলাৰ্ছ একাডেমী" টো কৰ্মৰত।

বালিজান