ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা সোঁৱৰণী সাহিত্য বঁটা ঘোষণা

২০২৪/২৫ বৰ্ষৰ বাবে "মধ্যে ৰাত্ৰে বেণু বাজে" গ্ৰন্থৰ বাবে বিশিষ্ট লেখিকা আৰাধনা পটংগীয়া গোস্বামী,দৰং আৰু ওদালগুৰিৰ লোক সংস্কৃতিৰ সাধক- লিখক তৰুণ আজাদ ডেকালৈ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা প্ৰদান কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
agroni khabar

ডিজিটেল সংবাদ,ওডালগুৰিঃ ওদালগুৰি জিলা সাহিত্য সভাৰ অন্তৰ্ভুক্ত ১৯৮১ চনতে প্ৰতিষ্ঠা লাভ কৰা ডিমাকুুছি স্বৰ্ণ শাখা সাহিত্য সভাই অসমৰ সত্ৰ সমূহৰ অনন্য সত্ৰ ভকত শিৰোমণি, সত্ৰৰত্ন, ভূপেন হাজৰিকা বঁটা প্ৰাপক, অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক, বৈকুণ্ঠগামী সত্ৰাধিকাৰ আতাপুৰুষ হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰি আহিছে ।

Advertisment

প্ৰথম বৰ্ষত বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰী আয়ক্ত সচিব মাননীয় থানেশ্বৰ মালাকাৰক সাহিত্য সাধনা আৰু জয়ন্ত ৰাজবংশীদেৱক সাহিত্য সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। দ্বিতীয় বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰিশংকৰ দাসক। লগতে ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ যুটীয়া সম্পাদক জিতেশ মুচাহাৰীক সাহিত্য সৌৰভ আৰু সেহি ভকতক নমোঃ গ্ৰন্থৰ বাবে ৰেণুকা কলিতাক সাহিত্য সৌৰভ বঁটা প্ৰদান কৰা হৈছিল।

এইবেলি ২০২৪/২৫ বৰ্ষৰ বাবে "মধ্যে ৰাত্ৰে বেণু বাজে" গ্ৰন্থৰ বাবে বিশিষ্ট লেখিকা আৰাধনা পটংগীয়া গোস্বামী,দৰং আৰু ওদালগুৰিৰ লোক সংস্কৃতিৰ সাধক- লিখক তৰুণ আজাদ ডেকালৈ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা প্ৰদান কৰা হ'ব।

 লগতে বৈকুণ্ঠগামী হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনক আলোকপাট কৰি নিৰ্মাণ কৰা তথ্যচিত্ৰৰ নিৰ্মাতা তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালানলৈ ভকতশিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাংস্কৃতিক সাধনা বঁটা আগবঢ়োৱা হ'ব।

ডিমাকুুছি