/asomiyapratidin/media/media_files/2026/02/11/96-2026-02-11-18-05-01.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মুক্তি লাভ কৰিলে ভৈৰৱী প্ৰডাকচনৰ বেনাৰত ভৈৰৱী আৰাধ্যা প্ৰযোজিত বহু চৰ্চিত গীত 'কাজল সনা'। জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ আৰু আৰিফাৰ কণ্ঠত বাণীবদ্ধ হোৱা গীতটিৰ ৰচনা, সুৰ সংযোজন আৰু সংগীত অয়নজ্যোতিৰ।
কৌস্তুভ শইকীয়াই মিক্স-মাষ্টাৰিং কৰা 'কাজল সনা' গীতটিৰ ভিডিঅ’টো বুধবাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰভিউ কেফেত মুকলি কৰা হয়। পাপু ডেকাই দৃশ্যগ্ৰহণ কৰা গীতটিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা নিৰূপম শইকীয়া আৰু অভিনেত্ৰী ভৈৰৱী আৰাধ্যাই।
গীতটিৰ সম্পাদনা মানস কাশ্যপৰ। সমীন দাসে নৃত্য নিৰ্দেশনা কৰা 'কাজল সনা' গীতটিত ভিএফএক্স কৰিছে জিতুল কুমাৰ নাথে। এতিয়াৰে পৰা বিভিন্ন মাধ্যমত এই গীতটি উপলব্ধ হ'ব।
গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে গীতটিৰ গায়ক আচুৰ্য বৰপাত্ৰ, প্ৰযোজক ভৈৰৱী আৰাধ্যা, যুৱ সংগীত পৰিচালক, গায়ক মনদ্বীপ মহন্ত, কবি প্ৰাঞ্জল এ. শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি। উপস্থিত লোকসকলে গীতটি উপভোগ কৰি ভূয়সী প্ৰশংসা কৰে। আশা কৰা হৈছে, গীতটিয়ে শ্ৰোতা দৰ্শকৰ সমাদৰ লাভ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us