আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ'ল শশাংক সমীৰ পৰিচালিত ভাইমন দা

IFFI-ত মঙলবাৰে দুখন অসমীয়া চলচ্চিত্রও প্রদর্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত ভাইমন দা প্ৰদৰ্শন হয়...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ২০ নৱেম্বৰৰ পৰা গোৱাৰ পানাজীত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ IFFI-অনুষ্ঠিত হৈছেএছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্র মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ আগমন হৈছে।

এইবাৰৰ মহোৎসৱত দেশ-বিদেশৰ ২৭০ খনতকৈও অধিক চলচ্চিত্র প্রদর্শন কৰা হ’ব। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। IFFI-ত মঙলবাৰে দুখন অসমীয়া চলচ্চিত্রও প্রদর্শন কৰা হয়।

কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত ভাইমন দা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্রদর্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, এইবাৰৰ মহোৎসৱত ৯ দিনীয়া চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান আৰু উদ্যোগ সম্পৰ্কীয় অনুষ্ঠান অনুষ্ঠিত হ’ব। এই মহোৎসৱৰ ২৮ নৱেম্বৰত সামৰণি পৰিব। 

গোৱা গোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল