ৰামধেনু যুগৰ প্ৰখ্যাত কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নাই

ৰামধেনু যুগৰ প্ৰখ্যাত কথাশিল্পী তথা অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰ প্ৰাক্তন আহ্বায়ক ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নাই। বুধবাৰে অসমীয়া সাহিত্যৰ পথাৰ উকা কৰি তেওঁ বিদায় মাগিলে অনন্ত ধামলৈ।

author-image
Asomiya Pratidin
New Update
কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নাই

কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নাই

ডিজিটেল ডেস্ক : ৰামধেনু যুগৰ প্ৰখ্যাত কথাশিল্পী তথা অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰ প্ৰাক্তন আহ্বায়ক ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু নাই। বুধবাৰে অসমীয়া সাহিত্যৰ পথাৰ উকা কৰি তেওঁ বিদায় মাগিলে অনন্ত ধামলৈ বুলি। 

Advertisment

উল্লেখযোগ্য যে কথাশিল্পী ৰাজখোৱা আছিল বহুমুখী প্ৰতিভাৰে সম্বৃদ্ধ এগৰাকী সাহিত্যিক। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক প্ৰদান কৰা হৈছিল অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী বঁটা, দশম জ্যোতিৰূপা মিডিয়া বঁটাকে ধৰি বহু সন্মান। একেদৰে অসম চৰকাৰৰেও তেওঁলৈ আগবঢ়াইছিল সাহিত্যিক পেঞ্চন।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা আছিল- অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম, নগাঁও জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, ৰ'টাৰী ক্লাব, নগাঁৱৰ প্ৰাক্তন সভাপতি। এনে এগৰাকী বৰেণ্য ব্যক্তিৰ মৃত্যু অসমৰ সাহিত্যজগতৰ বাবে অপূৰণীয় ক্ষতি।

ৰাজখোৱাৰ মৃত্যুত বিভিন্ন ব্যক্তি তথা অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে কয়- ৰাজখোৱাদেৱৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে ডাঙৰ ক্ষতি। ৰাজখোৱাৰ গল্পত অসমীয়া সমাজত চলি থকা নিভাঁজ চিত্ৰ প্ৰতিফলিত হৈছে বুলি তেওঁ মন্তব্য কৰে। 

ড০ বৰকটকীয়ে লগতে কয় যে, ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ গল্পত জীৱন আৰু সমাজৰ সঁচা ছবিখনৰ উপৰি পৰম্পৰাগত গ্ৰাম্য জীৱন সত্বা নান্দনিক ৰূপত প্ৰকাশ হৈছে। অসমীয়া গাঁৱৰ ছবিবোৰৰ মাজতেই আধুনিক জীৱনৰ সংকট ৰাজখোৱাৰ গল্পৰ অভিকেন্দ্ৰ আছিল।

সাহিত্য