গৌৰৱ গগৈক ক্ষুৰধাৰ সমালোচনা ভৱেশ কলিতাৰ

ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ক্ষুৰধাৰ সমালোচনা কৰিলে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। জুবিনৰ নিচিনা মহান আত্মাৰ সমাধিত গৌৰৱৰ লগতে কংগ্ৰেছ কৰ্মীয়ে নূন্যতম সৌজন্যতা নেদেখুৱাতো দূৰ্ভাগ্যজনক আখ্যা ভৱেশ কলিতাৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-26 at 4.32.43 PM

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ক্ষুৰধাৰ সমালোচনা কৰিলে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। জুবিনৰ নিচিনা মহান আত্মাৰ সমাধিত গৌৰৱৰ লগতে কংগ্ৰেছ কৰ্মীয়ে নূন্যতম সৌজন্যতা নেদেখুৱাতো দূৰ্ভাগ্যজনক আখ্যা ভৱেশ কলিতাৰ।

দেওবাৰে ভৱেশ কলিতাই উল্লেখ কৰে যে, গৌৰৱ গগৈয়ে নাজানে অসমীয়া ভাষা। গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' চিনেমাখনক 'ৰৈ ৰৈ বনালে' বুলি কৈ চিনেমাখনকে বিকৃত কৰা বুলি অভিযোগ কৰে ভৱেশ কলিতাই। গৌৰৱ গগৈয়ে 'অসমীয়া ভাষাই ক'বই নাজানে, তেওঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ব আহে' বুলিও কটাক্ষ কৰে বিজেপি নেতাগৰাকীয়ে।

ইফালে,' ইংৰাজী কৈ ভালপোৱা গৌৰৱ গগৈক ইংলেণ্ডতেই থাকিবলৈ আহ্বান' ৰঙিয়াৰ বিধায়কগৰাকীৰ। ৰঙিয়াৰ মনাহকুছিত মন কি বাত অনুস্থানত অংশ লৈ সাংবাদিকৰে হোৱা মূখামূখিত এই মন্তব্য বিধায়কগৰাকীৰ।

গৌৰৱ গগৈ