হাতত ৰং তুলিকা লৈ দেৱাল লিখন কাৰ্যসূচীত নামিল বিধায়ক ভৱেশ কলিতা

দেৱাল লিখনেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিলে বিজেপি দলে। আজি খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দেৱাল লিখন অভিযান।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ২০২৬ৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি। ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ প্ৰচাৰ অভিযান। দেৱাল লিখনেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিলে গেৰুৱা দলটোৱে। আজি খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দেৱাল লিখন অভিযান।

উল্লেখ্য  যে, আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰ আৰু অধিক শক্তিশালী কৰাৰ বাবে হাতত ৰং তুলিকা লৈ দলৰ প্ৰচাৰৰ বাবে এই দেৱাল লিখন কাৰ্যসূচীত নামি পৰিল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা। এক প্ৰকাৰ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় দল বিজেপিয়ে।

 

ভৱেশ কলিতা হাজো