চানমাৰিত ভৱানী প্ৰসাদ অধিকাৰীৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

আদিতে প্ৰয়াত অধিকাৰীৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ মুকলি কৰে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাই ।

author-image
Asomiya Pratidin
New Update
e

ডিজিটেল সংবাদ,গুৱাহাটী:  ৰাজ্যখনৰ যশস্বী সাহিত্যিক, সমালোচক, শিক্ষাবিদ, গীতিকাৰ, সাংবাদিক, অভিনেতা, নাট্যকাৰ অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীৰ পৱিত্ৰ স্মৃতিত অগ্ৰণী প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত আজি চানমাৰিৰ নিৰাময় ভৱন প্ৰাংগণত এখনি মনোজ্ঞ‌ স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়।

Advertisment

আদিতে প্ৰয়াত অধিকাৰীৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ মুকলি কৰে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাই । ইয়াৰ পিছতে আকাশবাণী , গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ, লেখক অৱনী ৰঞ্জন পাঠকৰ সভিপতিত্বত অনুষ্ঠিত হয় স্মৃতি সভা।

dg

সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই কয়- "ভৱানী প্ৰসাদ অধিকাৰী অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী আছিল। আমৃত্যু ভাষা - সাহিত্যৰ‌ নিৰলস‌ সাধনা কৰাৰ লগতে শিল্প-সংস্কৃতিৰ স'তেও আছিল অপৰিসীম অৰিহণা।"

সভা উদ্বোধন কৰি  সাহিত্যিক পেঞ্চনাৰ, সাহিত্য কোঁৱৰ কমল‌ কলিতাই কয়- "ভৱানী প্ৰসাদ অধিকাৰীৰ সৰহ সংখ্যক ৰছনা-ৰাজিত সাৱলীল তথা লালিত্য ধৰ্মীতা প্ৰকাশ পাইছে।  তেওঁৰ গৱেষণাধৰ্মী, প্ৰাঞ্জল ভাষাৰ তথ্য সম্বলিত ৰছনাবোৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছে । এজন‌ প্ৰকৃত জাতীয়তাবাদী চিন্তাধাৰাৰ ব্যক্তি। অধিকাৰীৰ বলিষ্ঠ নেতৃত্বত পশ্চিম অসমৰ মানকাছাৰ  নামঘৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ণিল জীৱনৰ ওপৰত প্ৰায় ৮০০ পৃষ্ঠাৰ আটকধুনীয়া আলোচনী প্ৰকাশ পাইছে।"  

পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰিণী কান্ত গোস্বামীয়ে নিজৰ ভাষণত কয়-  "ভৱানী প্ৰসাদ অধিকাৰী শংকৰদেৱৰ দৰে সৰ্বগুণাকৰ। মহেশ্বৰ নেওগৰ একান্ত শিষ্য অধিকাৰীক  ৰাজ্য চৰকাৰে কিংবা অসমৰ দল-সংগঠনে যথোচিত ধৰণেৰে সন্মান দিয়া নাই।"

d

আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান তথা বিশিষ্ট শিল্পী, চিন্তাবিদ দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে নিজৰ ভাষণত কয়- "এজন শুদ্ধ অসমীয়া সাজ পৰিধান কৰা প্ৰকৃত অসমীয়া। তেওঁ অসমীয়া জাতিটোৰ সৰ্বাংগীন বিকাশৰ আৰু উন্নতিৰ দিশত শব্দৰে, কন্ঠৰে জাগ্ৰত কৰি আছিল। তেওঁৰ জাতিক সচেতন কৰা হেজাৰ -বিজাৰ প্ৰবন্ধ, গীত, কবিতাই মানুহক আলোড়িত কৰি তুলিছিল। অধিকাৰীয়ে অসমীয়া কৃষ্টি-সংস্কৃতিৰ নিখুঁত প্ৰয়োগ মনপৰশা আছিল।"

 নলবাৰী জিলাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট লেখিকা ৰেণু মহন্তই নিজৰ ভাষণত কয়- "অধিকাৰীদেৱ আমাৰ আদৰ্শ পুৰুষ। তেওঁৰ পৰা আমি উদাৰতা, ত্যাগ শিকিব পাৰিছিল। আমি শিকিছিলো।  বিশাল আকাশৰ দৰে তেওঁৰ জ্ঞানৰ পৰিধি বিয়পি আছে।"

  মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক ড০ অসমী গগৈয়ে কয়- "অধিকাৰী এজন সুখ্যাত গুণনিধি।  অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত অধিকাৰীৰ অৱদান অন্যন্য। তেওঁ অসমীয়া ভাষা -সাহিত্য-সংস্কৃতিৰ বৰভেঁটি চহকী কৰি থৈ গ'ল। তেওঁ দেখুওৱাই যোৱা পথ ন-প্ৰজন্মই  ধৰি‌ ৰাখিব বুলি আশা প্ৰকাশ কৰে।

আকাশবাণীৰ নিয়মীয়া কন্ঠশিল্পী ৰীতা চৌধুৰীৰ কামৰূপী লোকগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাত বিশিষ্ট ভাষাবিদ তথা সাহিত্যক ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, বিশিষ্ট কন্ঠশিল্পী তথা গীতিকাৰ -সুৰকাৰ ডিজেন কাকতী, সাহিত্য আলোচনী সংযোগৰ সম্পাদক প্ৰশান্ত গগৈ, লেখিকা নিৰু দত্ত ৰাজকুমাৰী, সাংবাদিক পংকজ কলিতা, গোবিন চন্দ্ৰ ডেকা,  ৰঞ্জন অধিকাৰী, প্ৰদীপ শৰ্মা, ভূপেন্দ্ৰ কুমাৰ শৰ্মা, নিতুল গোস্বামী , দিশান্ত অধিকাৰী প্ৰভৃতিয়ে ভাষণ দি ভৱানী প্ৰসাদ অধিকাৰীৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰে।

 সভাত চাংসাৰীৰ সমীপৰ ডোৰা -কঁহৰা হাইস্কুলৰ শিক্ষয়িত্ৰী দুৰ্গামণি বৰগোহাঁই আৰু জীৱনী ডেকাই বৰগীত আৰু দেহ বিচাৰৰ গীত পৰিৱেশন কৰি সভাখনি প্ৰাণৱন্ত কৰি তোলে। সভাই সকলোৱে একেমুখে কয়- ভৱানী প্ৰসাদ আধিকাৰীক মৰণোত্তৰভাৱে হ'লেও অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰক। লগতে অসমৰ দল- সংগঠনসমূহেও যথাযোগ্য সন্মান মৰণোত্তৰভাৱে হ'লেও প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে।

ভৱানী প্ৰসাদ অধিকাৰী