বিএফআইৰ সম্পাদক প্ৰধান হেমন্ত কুমাৰ কলিতাক নিলম্বন

দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুধিৰ কুমাৰ জৈনে চলোৱা তদন্তৰ পিছতে হেমন্ত কলিতা আৰু কোষাধ্যক্ষ দিগ্বিজয় সিঙক দোষী সাব্যস্ত কৰি নিলম্বন কৰা হয়।

author-image
Asomiya Pratidin
New Update
xcvcv

ডিজিটেল ডেস্কঃ  বিত্তীয় খেলিমেলিৰ অভিযোগত বক্সিং ফেডাৰেচনৰ সম্পাদক প্ৰধান হেমন্ত কুমাৰ কলিতা আৰু কোষাধ্যক্ষ দিগ্বিজয় সিঙক নিলম্বন। দুয়োৰে বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ, প্ৰৱঞ্চনাৰ লগতে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল ফেডাৰেচনে। 

উক্ত অভিযোগ অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুধিৰ কুমাৰ জৈনে চলোৱা তদন্তৰ পিছতে হেমন্ত কলিতা আৰু কোষাধ্যক্ষ দিগ্বিজয় সিঙক দোষী সাব্যস্ত কৰি নিলম্বন কৰা হয়।

বিএফআইৰ সভাপতি অজয় ​​সিঙে এই সন্দৰ্ভত কয় যে, ন্যায়াধীশ জৈনে তদন্ত সমাপ্ত কৰি নিজৰ প্ৰতিবেদন দাখিল কৰিছে। তদন্তত দুয়োজন বিষয়াৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সত্য বুলি প্ৰমাণিত হৈছে। 

তেওঁ লগতে কয় যে, প্ৰতিবেদনৰ প্ৰতিলিপি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে যাতে অধিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

বিএফআই