/asomiyapratidin/media/media_files/2025/11/16/ap-web-bechimari-2025-11-16-11-48-40.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ কিছু দিন পূৰ্বে মঙলদৈ বেছিমাৰীত চামচুল হক নামৰ এজন যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিছিল। সেই ঘটনা সংঘটিত হোৱাৰ পাছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। আনপিনে সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত ফজল আলিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মঙলদৈ আৰক্ষী।
এক গোপন সূত্ৰৰ পম খেদি মঙলদৈ আৰক্ষীয়ে বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই মূল অভিযুক্তটোক। উল্লেখ্য যে যোৱা মংগলবাৰৰ পৰা পলাই আছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত ফজল আলি। বহুত ঠাইত বিচাৰি অভিযান চলোৱাৰ কৰাৰ পিছত অৱশেষত মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে হত্যাকাৰী ফজল আলিক মঙলদৈ আদালতত হাজিৰ কৰোৱা হয় যদিও ঘটনাৰ পৰৱৰ্তী তদন্তৰ বাবে ৫দিনৰ জিম্মাত লয় আৰক্ষীয়ে।
আনফালে আৰক্ষীয়ে ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us