এসময়ত পাইছিল লাখ টকাৰ দৰমহা! এতিয়া ভিক্ষা খোজে পদপথত...

বেংকৰ চাকৰি মানেই এটা নিৰাপদ জীৱন। চৰকাৰীয়েই হওঁক বা বেচৰকাৰীয়েই হওঁক, বেংকৰ চাকৰিয়াল মানেই এটা মোটা দৰমহাৰ গৰাকী বুলিয়েই সকলোৱে জানে। সচৰাচৰ এগৰাকী লোকে

author-image
Asomiya Pratidin
New Update
1d24dc0a-257a-4665-99bf-af5cc16bc536

ডিজিটেল ডেস্কঃ বেংকৰ চাকৰি মানেই এটা নিৰাপদ জীৱন। চৰকাৰীয়েই হওঁক বা বেচৰকাৰীয়েই হওঁক, বেংকৰ চাকৰিয়াল মানেই এটা মোটা দৰমহাৰ গৰাকী বুলিয়েই সকলোৱে জানে। সচৰাচৰ এগৰাকী লোকে যদি বেংকিং চেক্টৰত প্ৰায় ১৪বছৰ কাম কৰে তেন্তে তেওঁৰ অৰ্থনৈতিক অৱস্থা নিশ্চয় খুবেই ভাল হ'ব। কিন্তু শেহতীয়াকৈ এগৰাকী বেংক কৰ্মচাৰীৰ দুৰ্দশা দেখি দুখ লাগিব আপোনাৰো।

লোকগৰাকীয়েও প্ৰায় ১৪বছৰ কাম কৰিছিল এটা বেংকত। দৰমহাও আছিল খুবেই ভাল। কিন্তু হঠাতে তেওঁৰ জীৱনলৈ নামি আহিছিল অমানিশা। হেৰুৱাইছিল বেংকৰ চাকৰি। বৰ্তমান এই লোকগৰাকী ফুটপাথৰ ভিক্ষাৰী। বেংলালুৰুৰ চহৰৰ ফুটপাথত এটা বেগ আৰু এখন কিউ আৰ কৰ্ড লৈ ভিক্ষা মাগি খায় এই লোকগৰাকীয়ে।

শেহতীয়াকৈ এই লোকগৰাকীৰ বাতৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যত প্ৰকাশ পাইছে।  সামাজিক মাধ্যমতো এই লোকগৰাকীক লৈ চলিছে সৰৱ চৰ্চা। কিয় লোকগৰাকীৰ জীৱনলৈ এনেদৰে অমানিশা নামি আহিল তাক লৈও ভিন্নজনে মন্তব্য কৰিছে।

সাংবাদিকে এই লোকগৰাকীক কিয় এনে অৱস্থা হবলৈ পালে বুলি প্ৰশ্ন কৰাত লোকগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিলে। বহু নেটিজেনে মন্তব্য প্ৰকাশ কৰিছে কামত অৱহেলা নাইবা বিত্তীয় কেলেংকাৰীৰ বাবেই হয়তো লোকগৰাকীৰ এনে অৱস্থা হবলৈ পালে। 

সকলো দিশ বিচাৰ-খোচাৰ কৰি এইলোক গৰাকীক লৈ এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে নিজাববীয়াকৈ এক বিস্তৃত প্ৰতিবেদনো পৰৱৰ্তী সময়ত প্ৰকাশ কৰিব। 

বেংগালুৰু