আন্তর্জাতিক খ্যাতি সম্পন্ন বিদ্বান গবেষক প্রফেছন ড' ললিত শ্যামলৈ ২০২৫ বৰ্ষৰ কনচেপ্ট জনহিতৈষী বঁটা

উজনি অসমৰ অগ্রণী তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্রতিষ্ঠানৰ ১৫ নৱেম্বৰৰ ষষ্ঠদশ প্রতিষ্ঠা দিবস উপলক্ষে শৈক্ষিক প্রতিষ্ঠান কর্তৃপক্ষই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অংশগ্রহণ কৰি সঞ্চালকদ্বয় ক্রমে জিতু কুমাৰ বৰা আৰু প্ৰণৱ কুমাৰ ভূঞাই ২০২৫ বর্ষন কনচেপ্ট শৈক্ষিক প্রতিষ্ঠানৰ গুৰুত্বপূর্ণ বঁটা সমূহ ঘোষণা কৰে ।

author-image
Asomiya Pratidin
New Update
new ap web 8 (6)

ডিজিটেল সংবাদ,বেকাজানঃ  উজনি অসমৰ অগ্রণী তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্রতিষ্ঠানৰ ১৫ নৱেম্বৰৰ ষষ্ঠদশ প্রতিষ্ঠা দিবস উপলক্ষে শৈক্ষিক প্রতিষ্ঠান কর্তৃপক্ষই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অংশগ্রহণ কৰি সঞ্চালকদ্বয় ক্রমে জিতু কুমাৰ বৰা আৰু প্ৰণৱ কুমাৰ ভূঞাই ২০২৫ বর্ষন কনচেপ্ট শৈক্ষিক প্রতিষ্ঠানৰ গুৰুত্বপূর্ণ বঁটা সমূহ ঘোষণা কৰে । লগতে কয় যে আন্তর্জাতিক খ্যাতিসম্পন্ন বিদ্বান গবেষক তথা শিক্ষাবিদ, গড়গাঁও মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ প্রফেছৰ ড' ললিত শ্যামক ২০২৫ বর্ষব কনচেপ্ট জনহিতৈষী বঁটা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে ২০২৫ বৰ্ষৰ গঙ্গাৰাম বৰা মেম'বিয়েল বঁটা অনুৰাগ বৰাক প্ৰদান কৰা হব। প্রেমকান্ত বৰুৱা মেম বিয়েল বঁটা আকাশ ভঁৰালীলৈ আগবঢ়োৱা হব। ৰামেশ্বৰ ভূঞা আৰু পুতু বেগম মেম 'ৰিয়েল বঁটা চয়নিকা শইকীয়াই লাভ কৰিব। অবনী চন্দ্র গোস্বামী মেম বিয়েল বঁটা নিষ্ঠা নীলম শইকীয়াক প্রদান কৰা হ'ব। কনচেপ্ট শৈক্ষিক প্রতিষ্ঠানৰ বার্ষিক মুখপত্র 'কনচেপ্ত'ৰ ২০২৫-২০২৬ শিক্ষাবর্ষন মঞ্চদশ সংখ্যা বিষয় শিক্ষয়িত্রী কণু বৰবৰাৰ সভানেতৃত্বত গঠিত সম্পাদনা সমিতিয়ে প্রকাশ কৰিব। 

তাৰোপৰি বার্ষিক প্রাচীৰ পত্রিকা 'চিম্মানী'ৰ ২০২৫-২০২৬ সংখ্যা শিশু দিবস উপলক্ষে উন্মোচন কৰা হ'ব।কনচেপ্ট শৈক্ষিক প্রতিষ্ঠানৰ জ্যেষ্ঠ অধ্যক্ষ দিবা কমল মজিন্দাৰ, অধ্যক্ষ ইন্দ্রনীল ভূঞা, শৈক্ষিক পৰামর্শদাতা তথা প্রশাসক বিপিন চন্দ্র শইকীয়া, কেৰিয়াৰ বিশেষজ্ঞ তথা কোচিং ইন-চার্জ আব্দুল হামিদ, প্রধান শিক্ষয়িত্রী অনুৰূপা ডৰদ্বাজ, অভিভাৱক-শিক্ষক সংস্থাৰ সচিব সংগীতা হাজৰিকা, নির্দেশনা পৰামৰ্শদাতা নবাব মুস্তাফা আহমেদ, শিক্ষক তত্বাবধায়ক মাধুর্য বৰা, শৈক্ষিক সমন্বয়ক ক্রমে মানসী মহন্ত, সাগৰিকা তালুকদাৰকে প্ৰমুখ্যে কৰি বিষয়ববীয়াসকল সংবাদমেলত উপস্থিত থাকে। 

উল্লেখ্য যে ২০০৯ শিক্ষাবৰ্ষত সঞ্চালক জিতু কুমাৰ বৰা আৰু সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাৰ নেতৃত্বত প্রতিষ্ঠিত কনচেপ্ট শিক্ষা প্রতিষ্ঠানৰ শিক্ষার্থীয়ে বিগত বর্ষ সমূহত আই আই টি, মেডিকেল, ইঞ্জিনীয়াৰিংব উপৰিও সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষা সমূহত লাভ কৰা সফলতাই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

বেকাজান