প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমণৰ পূৰ্বেই কৃষক মুক্তিৰ দুই নেতাক আটক আৰক্ষীৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে নুমলীগড়ত ভৰি দিয়াৰ পূৰ্বে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতাক আৰক্ষীয়ে আটক কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new ap web numaligarh

ডিজিটেল সংবাদ, নুমলীগড় : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে নুমলীগড়ত ভৰি দিয়াৰ পূৰ্বে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতাক আৰক্ষীয়ে আটক কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ জানিব পৰা মতে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই পুৱাৰ ভাগত প্ৰয়াত দশমী দুৱৰাৰ ঘৰলৈ গৈ থাকোতে ঘিলাধাৰী থানাৰ আৰক্ষীয়ে কৰায়ত্ত কৰি লৈ যায় ৷

আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিটিৰ অন্যতম সভাপতি পিন্টু গগৈয়ে দৈগ্ৰোংৰ নিজা ঘৰৰ নঙলামুখলৈ যাওঁতে পুৱা নুমলীগড় থানাৰ আৰক্ষীয়ে লৈ যায় ৷ বাতৰি লিখা সময়লৈ দুয়োকে মুকলি কৰা নাই বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে দেওবাৰে আন সংগঠনৰ সহযোগত দুয়োটা সংগঠনে ৰাজপথত সমদল কৰি কলা পতাকালৈ হিন্দু বাংলাদেশী বিষয়টোত বিৰোধিতা কৰি জিলা আয়ুক্তক স্মাৰক পত্ৰ দিছিল ৷ নেতাদ্বয়ক এনেদৰে আটককৰা কাৰ্য্যক ছাত্ৰ মুক্তিৰ উপ সভাপতি ৰূপম গগৈকে ধৰি দুয়োটা সংগঠনে গৰিহণা দি শীঘ্ৰে মুকলি কৰাৰ আহ্বান জনাইছে ৷

প্ৰধানমন্ত্ৰী