/asomiyapratidin/media/media_files/2025/10/18/1-2025-10-18-17-36-08.jpg)
ডিজিটেল সংবাদ,ৰঙাপাৰাঃ ৰঙাপৰাত নিষিদ্ধ গো মাংস উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি পুৱা ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰৰ কাষৰ নৈৰ পাৰত উদ্ধাৰ হয় গৰু মাংসখিনি ৷ কেইজনমান যুৱকে নৈৰ কাষত উপস্থিত হোৱাত কেইবাজনো লোকে গৰু কাটি থকা প্ৰত্যক্ষ কৰে ৷
লোক কেইজনে যুৱক কেইজনক উক্ত স্থানৰ পৰা আতৰি যাবলৈ কয় ৷ লগে লগে যুৱক কেইজনে অন্য লোকক খবৰ দিয়াত আৰু গৰু কাটি থকা লোক কেইজনে ততাতৈয়াকৈ মাংস লৈ পলায়ন কৰে ৷
গৰু কটা লোক কেইজনে সেই ঠাইত দুখন চাইকেল এখন দা আৰু কিছু মাংস এৰি থৈ পলায়ন কৰিছিল৷ প্ৰায় ১০জনীয়া এটি দলে গৰু কাটি মাংস বিতৰণ কৰি থকা প্ৰত্যক্ষ কৰিছিল যুৱকৰ দলটিয়ে ৷
ততাতৈয়াকৈ ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ গৰুৰ কটা মুৰ, দুখন ঠেং আৰু এটা বেগৰ ভিতৰত মাংস উদ্ধাৰ কৰাৰ লগতে এখন দা আৰু দুখন চাইকেল জব্দ কৰে ৷
এই সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে বৰ্তমান তদন্ত আব্যাহত ৰাখিছে ৷ কাতি বিহুৰ দিনাটোতে গৰু কাটি মাংসৰ ব্যৱসায় কৰা লোক কেইজনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় দল সংগঠনে ৷