টাঙোনমৰাত ফেঁটী সাপ উদ্ধাৰঃ সংৰক্ষণ কৰা কণীৰ পৰা ৩০ ডাল সাপ জন্ম

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ টাঙোনমৰাৰ নিবাসী পৱিত্ৰ দেউৰীৰ বাসগৃহত আজি ৩০ টা ফেঁটী সাপৰ পোৱালি জন্ম হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
টাঙোনমৰাত ফেঁটী সাপ উদ্ধাৰঃ সংৰক্ষণ কৰা কণীৰ পৰা ৩০ ডাল সাপ জন্ম

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ টাঙোনমৰাৰ নিবাসী পৱিত্ৰ দেউৰীৰ বাসগৃহত আজি ৩০ টা ফেঁটী সাপৰ পোৱালি জন্ম হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে গৃহস্থী ঘৰত এডাল ফেঁটী সাপে যোৱা প্ৰায় ২০ দিন ধৰি ওলোৱা সোমোৱা কৰা প্ৰত্যক্ষ কৰি আছিল। 

পিছত তেওঁলোকে কপাহেৰাৰ সংস্কৃতিবান যুৱক বিদ্যুৎ বৰাৰ লগত এই সম্পৰ্কে যোগাযোগ কৰে। সৰ্প উদ্ধাৰৰ সৈতে জড়িত বিদ্যুৎ বৰাই আহি লোকজনৰ ঘৰৰ পৰা এডাল ফেঁটী সাপ উদ্ধাৰ কৰে। ফেঁটী সাপ ডালে কণী উমনি দিয়া প্ৰত্যক্ষ কৰে।

তেওঁ সাপডাল উদ্ধাৰ কৰি কণীখিনি এটা বাল্টিত ভৰাই প্ৰয়োজনীয় উষ্ণতাত সংৰক্ষণ কৰে। পোন্ধৰ দিনৰ মূৰত আজি তেওঁ কণী ফুটি ৩০টা ফেঁটী সাপৰ পোৱালি ওলোৱা প্ৰত্যক্ষ কৰে।

এই বাতৰি বিয়পি পৰাত স্থানীয় ৰাইজ আহি পৱিত্ৰ দেউৰীৰ গৃহত ভিৰ কৰেহি। বিদ্যুৎ বৰাই এটা বাল্টিত সাপখিনি ভৰাই কপাহেৰাৰ নিজৰ গৃহলৈ আনে। কাইলৈ তেওঁ সাপখিনি বনাঞ্চলত এৰি দিব বুলি জনায়।

উল্লেখযোগ্য যি সময়ত একাংশ লোকে বনাঞ্চল ধ্বংস কৰাৰ লগতে বন্যপ্ৰাণী ধ্বংস কাৰ্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাই, সাপৰ দৰে প্ৰাণী দেখিলেই মাৰিবলৈ লাঠি হাতত তুলি লয় সেই সময়ত বিদ্যুৎ বৰাৰ এই সৰ্পপ্ৰীতিক সকলোৱে প্ৰশংসা কৰিছে।

বেবেজীয়া সাপ