কপিলীৰ দিব্যাংগ শিশুৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন…

কপিলীৰ দিব্যাংগ শিশুৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন…

author-image
asomiyapratidin
New Update
কপিলীৰ দিব্যাংগ শিশুৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন…

ডিজিটেল সংবাদ, বেবেজীয়াঃ দিব্যাংগ ছাত্ৰ- ছাত্ৰী সকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ মানসেৰে আজি সমগ্ৰ শিক্ষা অভিযান, মৰিগাঁৱৰ অধীনৰ কপিলী খণ্ডৰ উদ্যোগত দিনজোৰাকৈ দিব্যাংগ শিশুৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জালুগুটিস্থিত কপিলী খণ্ড মিছন কাৰ্যালয়ৰ চৌহদত পুৱা ১০ বজাত দিনজোৰা ক্ৰীড়া কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কপিলী খণ্ড মিছন সমন্বয়ক সমৰ বৰুৱাই।

Advertisment

ইয়াৰ পাছতে দিব্যাংগ শিশুসকলৰ মাজত বেডমিন্টন,ফুটবল, ভলীবল আৰু ডিচকাচ থ্ৰ' আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কপিলী খণ্ডৰ অধীনৰ প্ৰায় অৰ্ধ-শতাধিক দিব্যাংগ শিশুৱে ইভেন্টসমূহত আগ্ৰহেৰে ভাগ লয় আৰু প্ৰতিটো ইভেন্টৰ পৰাই প্ৰথম,দ্বিতীয় আৰু তৃতীয় নিৰ্বাচিত কৰা হয়।

ইপিনে, ক্ৰীড়া প্ৰতিযোগিতাৰ অন্তত হোৱা বঁটা বিতৰণী সভাত উপস্থিত থাকি কপিলী খণ্ড সমল কেন্দ্ৰৰ জ্যেষ্ঠ গাণনিক সৌমিত্ৰ পাল,সংহত শিক্ষা শাখাৰ মুনিন শৰ্মা,গিৰেণ বৰা,বলেন্দ্ৰ নাথ, চি আৰ চি চি সঞ্জীৱ নাথ,গিৰীণ বৰকাকতি, গকুল নাথে প্ৰথম,দ্বিতীয় আৰু তৃতীয়ৰূপে নিৰ্বাচিত শিশুসকলৰ মাজত ট্ৰফী আৰু পদকসমূহ বিতৰণ কৰে। উল্লেখ্য যে,উক্ত অনুষ্ঠানতে বিভিন্ন ইভেন্টত ভাগ লোৱা প্ৰতিজন দিব্যাংগ শিশুক একোটিকৈ স্কুল বেগ প্ৰদান কৰা হয়।