প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে বি ডি এফ প্ৰতিনিধিৰ দাবী

অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ BDFয়ে এক বিশেষ দাবী উত্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
105

ডিজিটেল সংবাদ, শিলচৰ : অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ BDFয়ে এক বিশেষ দাবী উত্থাপন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এজন বাঙালী সাংসদক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে সংগঠনটোৱে দাবী জনাইছে।

বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে এক বিবৃতিৰ জৰিয়তে কয় যে, বিজেপি চৰকাৰে বিভিন্ন সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু, বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে মহান বাঙালী ব্যক্তিসকলক সন্মান প্ৰদৰ্শন কৰি আহিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ, বিশেষকৈ অসমৰ বাঙালীসকলৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নীৰৱতা ৰহস্যজনক।

তেওঁ উল্লেখ কৰে যে স্বাধীনতাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাঙালী সাংসদক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়াৰ এটা পৰম্পৰা আছিল। অৰুণ কুমাৰ চন্দ, মইনুল হক চৌধুৰী, সন্তোষ মোহন দেৱ আদিৰ দৰে নেতাসকলে পূৰ্বে এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল। যোৱা এক দশকত এই অঞ্চলৰ পৰা কোনো বাঙালী সাংসদক মন্ত্ৰীসভাত স্থান নিদিয়াটো দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে।

ইফালে সংগঠনটোৰ মিডিয়া চেলৰ আহ্বায়ক জয়দীপ ভট্টাচাৰ্যই বাঙালী হিন্দুসকলৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে :

•    ডি-ভোটাৰ আৰু এনআৰচি: প্ৰায় ৬-৭ লাখ বাঙালী হিন্দু এতিয়াও এনআৰচিৰ পৰা বাদ পৰি আছে আৰু ডি-ভোটাৰ সমস্যাৰ কোনো স্থায়ী সমাধান হোৱা নাই।
•    ৰাজনৈতিক প্ৰতিনিধিত্ব : ব্ৰহ্মপুত্ৰ উপত্যকাত ১৫ শতাংশ বাঙালী জনসংখ্যা থকা সত্ত্বেও বিধানসভাত তেওঁলোকৰ প্ৰতিনিধিত্ব নগণ্য। অন্ততঃ ১০ খন আসনত বাঙালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ তেওঁলোকে দাবী জনায়।
•    বৰাকৰ উন্নয়ন: বানপানী সমস্যা, বিকল্প ৰেলপথ আৰু পথ যোগাযোগ, নিবনুৱা সমস্যা তথা চাহ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলি তেওঁ অভিযোগ কৰে।
বিডিএফৰ মতে, কেৱল ধৰ্মীয় মেৰুকৰণৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো অসম্ভৱ। সেয়েহে, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এই বিষয়সমূহৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে বিডিএফৰ আহ্বায়ক হৃষিকেশ দে’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী