জুবিন গাৰ্গৰ বাসগৃহত বি ডি এফৰ প্ৰতিনিধি দল : গৰিমা শইকীয়া গাৰ্গক জনালে সমবেদনা

আজিৰ দিনটোত বৰাক ডেমোক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিনিধি দল জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰে

author-image
Asomiya Pratidin
New Update
505

ডিজিটেল সংবাদ, শিলচৰ : জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুতে অসম তথা সম্পূৰ্ণ দেশৰ লগতে বৰাক উপত্যকাৰ লোকসমূহও এতিয়াও শোকস্তব্ধ হৈ আছে। আজিৰ দিনটোত বৰাক ডেমোক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিনিধি দল জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰে। একেদৰে পত্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে।

শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰাৰ পাছত তেওঁৰ পত্নীৰ হাতত এখন শোকপত্ৰ দিয়ে বিডিএফৰ প্ৰতিনিধিসকলে। সেই শোকপত্ৰত উল্লেখ আছে যে শিল্পীৰ এই অকাল মৃত্যু অসম তথা সারা দেশৰ লগতে বৰাক উপত্যকাকো গভীৰভাবে আঘাত কৰিছে।

এই বছৰৰ পূজাত প্ৰায় প্ৰতিটো পেণ্ডেলত জুবিন গাৰ্গৰ স্মৃতিত শ্রদ্ধাঞ্জলি দিয়া হৈছে। গানৰ মাজেৰে প্ৰয়াত শিল্পীক স্মৰণ কৰিছে সকলো বৰাকবাসীয়ে।

ৰাজনৈতিক প্ৰতাৰণাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত যি বিভেদ সৃষ্টি হৈছিল, তাৰ বিপৰীতে জুবিন গাৰ্গে বহুবছৰৰ পিছত সকলোকে পুনৰ একত্ৰিত কৰি গৈছে। তেওঁলোক আৰু লিখিছে যে এই শোকগ্ৰস্ত সময়ত সকলো জুবিন অনুৰাগীৰ সৈতে তেওঁলোকো মানসিকভাৱে শিল্পীৰ পত্নীৰ সৈতে আছে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছে।

পিছত সংবাদিকসকলৰ সৈতে কথা পাতি বিডিএফৰ মুখ্য আহ্বায়ক প্রদীপ দত্ত ৰায় কয় যে জুবিনৰ ছাত্র জীৱনৰ এক অংশ কৰিমগঞ্জ জিলাত কটাইছিল। তেওঁ বৰাকৰ স্থানীয় ভাষা আৰু বাংলা দুয়োটাতো সমানভাৱে দক্ষ আছিল।

নিজকে "অর্ধেক বঙালী, অর্ধেক অসমীয়া" বুলি কৈছিল। তেওঁৰ অসংখ্য অসমীয়া আৰু বাংলা গান বৰাকত বিশেষভাৱে জনপ্ৰিয় আছিল। এই কাৰণেই বৰাকবাসীয়েও তেওঁৰ এই অকাল মৃত্যুত শোকাহত।

সেয়েহে বৰাকবাসীৰ পক্ষৰ পৰা তেওঁলোক গৰিমা শইকীয়া গাৰ্গৰ সৈতে দেখা কৰি এটা শোকপত্ৰ তেওঁক হস্তান্তৰ কৰিছে। প্রদীপ দত্ত ৰায় আৰু কয় যে শিল্পীৰ মৃত্যুৰ ৰহস্য যাতে ৰাজনৈতিক জটিলতাত হেৰাই নাযায় আৰু সত্য উদ্ঘাটিত হয়, তাৰ বাবে তেওঁলোকে চৰকাৰক অনুৰোধ কৰিছে।

তেওঁ লগতে কয় যে জুবিন গাৰ্গ জাতি-ধর্মৰ বিভাজনত বিশ্বাস নকৰা এজন শিল্পী আছিল। সকলো বিভেদৰ ওপৰত উঠি তেওঁ মানুহৰ সম্প্ৰীতি আৰু সহাৱস্থানেৰ কথা কৈ গৈছে। সেয়ে জাতি–ধর্মৰ ভেদাভেদ পাহৰি ৰাজ্যবাসী সকলোৰে একতাবদ্ধ থকাই প্ৰয়াত শিল্পীৰ প্ৰতি সৰ্বোত্তম শ্রদ্ধাঞ্জলি হ’ব। ৰাজনৈতিক প্ৰেৰণাত প্ৰভাৱিত নহ’ই প্ৰয়াত শিল্পীৰ আদৰ্শক জাতি-ধর্ম নির্বিশেষে গ্ৰহণ কৰিবলৈ তেওঁ ৰাজ্যবাসীক আহ্বান জনাইছে।

জুবিন গাৰ্গ