/asomiyapratidin/media/media_files/2026/01/31/rguuasususus-2026-01-31-19-32-59.jpg)
ডিজিটেল ডেস্কঃ দেশৰ অন্যতম সৰ্বাধিক গৌৰৱময় মুটকোৰ্ট প্ৰতিযোগিতা হৈছে ৩৮ তম বাৰকাউন্সিল অৱ ইণ্ডিয়া (BCI) ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় মুটকোৰ্ট প্ৰতিযোগিতা ২০২৬। আজি এই প্ৰতিযোগিতা অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত এক ভব্য সামৰণি অনুষ্ঠানৰ সৈতে সফলতাৰে সমাপ্ত হয়।
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাঁ, বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা আৰু বাৰকাউন্সিল অৱ ইণ্ডিয়াৰ চেয়াৰমেন শ্ৰীমাননকুমাৰ মিশ্ৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/31/92937451-2d4b-403f-9c20-08cd6914bce3-2026-01-31-19-31-26.jpeg)
তদুপৰি অনুষ্ঠানত উপস্থিত আছিল আৰজিইউৰ আচাৰ্য ড°এ. কে. পানচাৰী সহ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বহু সংখ্যক ন্যায়াধীশ, বিশিষ্ট আইন বিশেষজ্ঞ, শিক্ষাবিদ আৰু দেশজুৰি অহা প্ৰতিভাৱান আইন শিক্ষাৰ্থীসকল।
উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই ৩৮তম BCI ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় মুটকোৰ্ট প্ৰতিযোগিতা ২০২৬ৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত ২৯ৰ পৰা ৩১জানুৱাৰী, ২০২৬লৈ অনুষ্ঠিত হয়। বাৰ কাউন্সিল অৱ ইণ্ডিয়া আৰু বাৰকাউন্সিল অৱ ইণ্ডিয়া ট্ৰাষ্ট–পাৰ্লফাৰ্ষ্টৰ তত্ত্বাৱধানত আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ আইন শিক্ষাৰ্থীসকল অংশগ্ৰহণ কৰে। প্ৰাথমিক পৰ্ব, কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু ফাইনেল পৰ্বসমূহত প্ৰতিযোগীসকলৰ উৎকৃষ্ট আইন জ্ঞান আৰু যুক্তি প্ৰদৰ্শনৰ দক্ষতা স্পষ্টভাৱে প্ৰতিফলিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/31/02ea33d0-5ce1-4a32-87fa-9ec5e59c7ec6-2026-01-31-19-31-40.jpeg)
বিজয়ী হিচাপে ঘোষিত দল চেণ্টাৰ, দিল্লী বিশ্ববদ্যালয় আৰু তেওঁলোকে নগদ ২লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। প্ৰথম ৰানাৰ্ছ-আপ দল কিট স্কুল অৱ ল’ ভুৱনেশ্বৰে লাভ কৰে ১ লাখ টকা আৰু দ্বিতীয় ৰানাৰ্ছ-আপ দল এনইএফ ল’ কলেজ গুৱাহাটীয়ে লাভ কৰে ৫০ হাজাৰ টকা পুৰস্কাৰ।
শ্ৰেষ্ঠবক্তা আছিল স্তুতি গঙ্গোপাধ্যায় কিট স্কুল অৱ ল’ (১০হাজাৰটকা), দ্বিতীয় শ্ৰেষ্ঠ বক্তা আছিল নভিজা বাগিজা, দিল্লী বিশ্ববদ্যালয় (৭,৫০০টকা), শ্ৰেষ্ঠ মেম’ৰিয়েল দল মধুসুদন ল’ বিশ্ববিদ্যালয় (১০হাজাৰটকা) আৰু দ্বিতীয় শ্ৰেষ্ঠ মেম’ৰিয়েল টিম আছিল ছিকিম গভৰ্মেন্তল কলেজ গেংটক (৭,৫০০টকা) পুৰস্কাৰ দিয়া হয়। নগদ পুৰস্কাৰৰ লগতে সকলো বিজয়ীক ট্ৰফী প্ৰদান কৰা হয় আৰু সকলো অংশগ্ৰহণকাৰী দলক প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/31/d360cafa-06dd-46c4-ba42-5adaa6508df2-2026-01-31-19-32-03.jpeg)
ইয়াৰ উপৰিও শীৰ্ষ প্ৰদৰ্শনকাৰী শিক্ষাৰ্থীসকলক এক বছৰৰ বাবে মাসিক বৃত্তি প্ৰদান কৰা হ’ব আৰু শিক্ষাৰ্থী সকলে বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ জাৰ্নেল ‘ইণ্ডিয়ান বাৰ ৰিভিউ’ত গৱেষণা প্ৰবন্ধ প্ৰকাশৰ সুযোগ লাভ কৰিব।
সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ন্যায়াধীশ উজ্জ্বল ভূঞাঁয়ে যুৱ আইন শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব আৰু পেচাদাৰী দক্ষতা গঢ়াত মুটকোৰ্ট প্ৰতিযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে- এইধৰণৰ মঞ্চসমূহে যুক্তি প্ৰদৰ্শন, গৱেষণা আৰু প্ৰকাশভংগীৰ দক্ষতা উন্নত কৰাৰ লগতে সংবিধানিক মূল্যবোধ, নৈতিক দায়িত্ব আৰু পেচাদাৰী শৃংখলা গঢ়ি তুলিবলৈ সহায় কৰে। তেওঁ শিক্ষাৰ্থীসকলক ন্যায়, সততা আৰু অবিৰত শিক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতি বদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।
বিশেষ অতিথি হিচাপে ভাষণ প্ৰদান কৰি বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ চেয়াৰমেন তথা জ্যেষ্ঠ অধিবক্তা শ্ৰীমান নকুমাৰ মিশ্ৰাই দেশত আইন শিক্ষা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। উত্তৰ-পূৰ্বাঞ্চলত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাৰ বাবে তেওঁ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিক প্ৰশংসা কৰে আৰু এই ধৰণৰ ৰাষ্ট্ৰীয় মঞ্চত অংশগ্ৰহণে আইন শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ পেচাদাৰী প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/31/13bae193-0026-4f61-9e88-ec10268c4ddc-2026-01-31-19-32-15.jpeg)
আৰজিইউৰ ৰয়েল স্কুল অৱ ল’এণ্ড এডমিনিষ্ট্ৰেশ্যন (RSLA)ৰ ডীন অধ্যাপক ভুবন চন্দ্ৰ বৰুৱাই কয় যে- মুটকোৰ্টৰ সকলো পৰ্ব ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, আগশাৰীৰ আইন পেচাদাৰী আৰু দেশৰ শীৰ্ষ আইন শিক্ষানুষ্ঠানসমূহৰ বিশিষ্ট শিক্ষাবিদসকলৰ সমন্বয়ে গঠিত এক প্ৰতিভাৱান বিচাৰক মণ্ডলীৰ দ্বাৰা মূল্যায়ন কৰা হয়, যিয়ে শৈক্ষিক কঠোৰতা আৰু উচ্চ মানদণ্ড নিশ্চিত কৰে।
এই ঐতিহাসিক ৰাষ্ট্ৰীয় অনুষ্ঠানটো আয়োজন কৰাৰ জৰিয়তে গুৱাহাটী ভৱিষ্যতে দেশৰ এক গুৰুত্বপূৰ্ণ আইন শিক্ষা আৰু আইনগত যুক্তিপ্ৰদৰ্শনৰ কেন্দ্ৰ হিচাপে উদ্ভাসিত হ’ব বুলি তেওঁ লগতে মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us