বিচিচিআইৰ কঠোৰ সিদ্ধান্তঃ আইপিএলত নিষিদ্ধ বাংলাদেশী খেলুৱৈ

পাকিস্তাৰ পাছত এইবাৰ বাংলাদেশ বিৰুদ্ধে কঠোৰ হ'ল বিচিচিআই। ভাৰতৰ সৈতে বাঢ়ি অহা সংঘাতৰ পাছতে আইপিএলত নিষিদ্ধ হ'ল বাংলাদেশৰ খেলুৱৈ।

author-image
ৰিম্পী গগৈ
New Update
GRGTRTRT

ডিজিটেল ডেস্কঃ পাকিস্তাৰ পাছত এইবাৰ বাংলাদেশ বিৰুদ্ধে কঠোৰ হ'ল বিচিচিআই। ভাৰতৰ সৈতে বাঢ়ি অহা সংঘাতৰ পাছতে আইপিএলত নিষিদ্ধ হ'ল বাংলাদেশৰ খেলুৱৈ। শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই আইপিএলৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। 

ইফালে,মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ তথা কেকেআৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানক তীব্ৰ সমালোচনাৰ বলি হৈছিল। বাংলাদেশৰ বেগী বলাৰ গৰাকীক দলত অন্তৰ্ভুক্ত কৰাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে বিচিচিআইয়ে এই বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই সদৰী কৰে যে, "দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে কেকেআৰ ফ্ৰেঞ্চাইজিক নিজৰ এজন খেলুৱৈ বাংলাদেশী মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে উল্লেখ কৰে যে, যদি কেকেআৰে মুস্তাফিজুৰ ৰহমানৰ সলনি আন এজন খেলুৱৈক বিচাৰে তেন্তে বিচিচিআইয়ে অনুমতি দিব।"

উল্লেখযোগ্য যে, বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে বাংলাদেশী খেলুৱৈক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে বিচিচিআইয়ে।  

বিগত ডিচেম্বৰ মাহত আইপিএল ২০২৬ৰ বাবে খেলুৱৈৰ মিনি নিলাম অনুষ্ঠিত হৈছিল। এই সময়ছোৱাত কেকেআৰে নিজৰ দলত মুস্তাফিজুৰক ক্ৰয় কৰিছিল। শ্বাহৰুখ খানৰ মালিকানাধীন কেকেআৰে মুস্তাফিজুৰ ক্ৰয় কৰিবলৈ ৯.২০ কোটি টকা খৰচ কৰিছিল। কেকেআৰ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত মুস্তাফিজুৰ ক্ৰয় কৰিবলৈ প্ৰতিযোগিতা চলিছিল আৰু শেষত কেকেআৰে এই বাংলাদেশী খেলুৱৈগৰাকীক ক্ৰয় কৰাত সফল হৈছিল। কিন্তু মুস্তাফিজুৰ ক্ৰয় কৰাৰ পিছতে কেকেআৰ আৰু শ্বাহৰুখক টাৰ্গেট কৰিবলৈ আৰম্ভ কৰে একাংশ লোকে।

আনহাতে, আই পি এল ২০২৬ৰ মিনি নিলামত ৭ গৰাকী বাংলাদেশী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছিল।এই খেলুৱৈসকলৰ ভিতৰত আছিল ৰিছাদ হোছেইন, টাস্কিন আহমেদ, তানজিম হাছান চাকিব, নাহিদ ৰানা, ৰকিবুল হাছান, মহম্মদ শ্বোৰিফুল ইছলাম, আৰু মুস্তাফিজুৰ ৰহমান। ইয়াৰে কেৱল মুস্তাফিজুৰ ৰহমানকহে ক্ৰয় কৰিছিল ফ্ৰেঞ্চাইজিয়ে।

আইপিএল