১৯ অনূৰ্ধৰ ক্ৰিকেট বিশ্বকাপঃ ভাৰতীয় দললৈ ৭.৫ কোটি টকা পুৰস্কাৰ

১৯ অনূৰ্ধ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলে খিতাপ অৰ্জন কৰে। শুকুৰবাৰে অনুষ্ঠিত বিশ্বকাপ ফাইনেলত ইংলেণ্ডক ১০০ ৰানৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতে। ইয়াৰপাছতে BCCIয়ে ৭.৫ কোটি টকা পুৰস্কাৰৰ ধন প্ৰদানৰ ঘোষণা কৰে। 

author-image
Asomiya Pratidin
New Update
U19

ডিজিটেল ডেস্কঃ ১৯ অনূৰ্ধ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলে খিতাপ অৰ্জন কৰে। শুকুৰবাৰে অনুষ্ঠিত বিশ্বকাপ ফাইনেলত ইংলেণ্ডক ১০০ ৰানৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতে। ইয়াৰপাছতে BCCIয়ে ৭.৫ কোটি টকা পুৰস্কাৰৰ ধন প্ৰদানৰ ঘোষণা কৰে। 

BCCIৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই চেম্পিয়ন হোৱা ভাৰতীয় ক্ৰিকেট দলটোলৈ এই পুৰস্কাৰৰ ধন প্ৰদান কৰাৰ ঘোষণা কৰাৰ লগতে দলটোৰ খেলুৱৈসকলে ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে প্ৰশংসা কৰে পৰিলক্ষিত হয়। 

উল্লেখ্য যে, ভাৰতীয় দলটোৱে ফাইনেল মেচত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। তাৰপাছত ৫০ অভাৰত ভাৰতীয় ক্ৰিকেট দলে ৪১১ ৰান সংগ্ৰহ কৰি ইংলেণ্ডক চিন্তিত কৰি তোলে। 

ইফালে, ইংলেণ্ডৰ দলটোৱে ভাৰতীয় ক্ৰিকেট দলে বান্ধি দিয়া লক্ষ্যত উপনীত হ’বলৈ পাৰ্যমানে চেষ্টা কৰাৰ পাছতো বিফল হৈ পৰে। ইংলেণ্ড ক্ৰিকেট দলে মুঠ ৩১১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আৰু অৱশেষত ভাৰতৰ হাতত পৰাস্ত হয়।

ভাৰতীয় ক্ৰিকেট দল