/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0bbe47d5-0c35-4d91-9a0d-0336004d74b2/71135d2c_2ec5_44bf_b33c_7d23f0166c4d.jpg)
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰাৰ পাছতে এতিয়া ৰোহিত বাহিনীৰ ওপৰত টকাৰ বৰষুণ পৰিছে। শেহতীয়াকৈ বি চি চি আয়ে টীম ইণ্ডিয়াক ১২৫কোটি টকৰ ধনৰাশি পুৰস্কাৰ হিচাপে দিয়াৰ কথা ঘোষণা কৰিছে।
শেহতীয়াকৈ বি চি চি আইৰ অধ্যক্ষ জয় শ্বাহে টুইট যোগে এই পুৰস্কাৰৰ কথা ঘোষণা কৰিছে। দেওবাৰে সন্ধিয়াভাগত জয় শ্বাহে এই ধনৰাশিৰ কথা এক্সযোগে ঘোষণা কৰি লিখিছে- আই চি চি টি-২০ বিশ্বকাপ ২০২৪ত বিজয় সাব্যস্ত কৰা টীম ইণ্ডিয়ালৈ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ তৰফৰ পৰা ১২৫কোটি টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰিবলৈ পাই অতিকৈ সুখী অনুভৱ কৰিছো। এই সমগ্ৰ টুৰ্ণামেন্টত টীম ইণ্ডিয়াই যি অসাধাৰণ প্ৰতিভা, দৃঢ়তা আৰু একাগ্ৰতাৰে খেল প্ৰদৰ্শন কৰিলে, সেয়া সচাঁকৈয়ে শলাগিবলগীয়া।
উল্লেখ কৰা প্ৰয়োজন যে, বি চি চি আয়ে প্ৰদান কৰা এই ১২৫কোটি টকা বিশ্বকাপত টীম ইণ্ডিয়াৰ সৈতে জড়িত খেলুৱৈৰ লগতে সমগ্ৰ ষ্ট্ৰাফ মেম্বাৰৰ মাজত ভগাই দিয়া হব। ইয়াৰ পূৰ্বে ২০০৭চনতো মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰোতেও বি চি চি আয়ে এনেদৰে ধনৰাশি পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল।