/asomiyapratidin/media/media_files/2026/01/18/652-2026-01-18-15-26-54.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা দলটো ঘোষণা কৰিছে ৷ দীৰ্ঘদিন ধৰি আঘাতৰ বাবে লোৱা ছুটীৰ পিছত পুনৰ টি-২০ দললৈ ঘূৰি আহিছে স্পিনাৰ শ্ৰেয়াংকা পাটিল ৷ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই ভ্ৰমণত ভাৰতীয় দলটোৱে তিনিখন টি-২০, তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু এখন টেষ্ট মেচ খেলিব ৷
হৰমনপ্ৰীত কৌৰে এদিনীয়া আৰু টি-২০ দুয়োটা ফৰ্মেটতে ভাৰতৰ অধিনায়ক হিচাপে থাকিব। আনহাতে স্মৃতি মান্ধনা উপ-অধিনায়ক হৈ থাকিব ৷ পিছত ঘোষণা কৰা হ’ব টেষ্ট দল ৷
ভাৰতীয় মহিলা আৰু অষ্ট্ৰেলিয়ান মহিলাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ চলিব ৷ এই ভ্ৰমণৰ আৰম্ভণি হ’ব টি-২০ শৃংখলাৰ পৰা ৷ প্ৰথমখন মেচ ১৫ ফেব্ৰুৱাৰীত ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব আৰু তাৰ পিছত ১৯ ফেব্ৰুৱাৰীত কেনবেৰাৰ মানুকা অ’ভেলত দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু তৃতীয়খন খেল ২১ ফেব্ৰুৱাৰীত এডিলেইড অ’ভেলত অনুষ্ঠিত হ’ব ৷
ভাৰতীয় মহিলা টি-২০ দল
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বেফলী বাৰ্মা, ৰেণুকা ঠাকুৰ, শ্ৰী চৰণী, বৈষ্ণৱী শৰ্মা, ক্ৰান্তি গৌড়, স্নেহ ৰাণা, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), জি কমলিনী (উইকেটকীপাৰ), অৰুন্ধতী ৰেড্ডী, অমনজোৎ কৌৰ, জেমিমা ৰড্ৰিগেছ, ভাৰতী ফুলমালি, শ্ৰেয়ংকা পাটিল ৷
ভাৰতীয় মহিলা এদিনীয়া দল
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বেফলী বাৰ্মা, ৰেণুকা ঠাকুৰ, শ্ৰী চৰণী, বৈষ্ণৱী শৰ্মা, ক্ৰান্তি গৌড়, স্নেহ ৰাণা, দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), জি কমলিনী (উইকেটকীপাৰ), কাশৱী গৌতম, অমনজোৎ কৌৰ, জেমিমা ৰড্ৰিগেছ, হৰলীন দেওল ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us