অসহায় শ্ৰীলংকালৈ বিচিচিআইৰ সহায়ৰ হাত...

বিশ্বৰে সবাতকৈ ধনাঢ্য ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বি চি চি আই। এই খ্যাতি কেৱল এতিয়া ধনৰ জৰিয়তেই নহয়, কামৰ জৰিয়তেও শেহতীয়াকৈ প্ৰকাশ কৰিছে বিচিচিআইয়ে। 

author-image
Asomiya Pratidin
New Update
577

ডিজিটেল ডেস্ক : বিশ্বৰে সবাতকৈ ধনাঢ্য ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বি চি চি আই। এই খ্যাতি কেৱল এতিয়া ধনৰ জৰিয়তেই নহয়, কামৰ জৰিয়তেও শেহতীয়াকৈ প্ৰকাশ কৰিছে বিচিচিআইয়ে। 

এক বিশেষ মানৱীয় পদক্ষেপৰ অংশস্বৰূপে বিচিচিআইয়ে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসাৰে আগন্তুক আগষ্টত ভাৰতীয় ক্ৰিকেট দলে টেষ্ট শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিবলগা আছিল যদিও এতিয়া এই ভ্ৰমণৰ সময়ত অতিৰিক্ত টি-২০ শৃংখলাতো অংশগ্ৰহণ কৰিব।

এই অতিৰিক্ত টি-২০ শৃংখলাৰ জৰিয়তে আহৰণ কৰা ধনেৰে শ্ৰীলংকাৰ শেহতীয়া ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰা হ’ব। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতি শম্মি ছিলভাই শুকুৰবাৰে এই কথা নিশ্চিত কৰি বিচিচিআইক ধন্যবাদ জ্ঞাপন কৰে। এনে পদক্ষেপৰ বাবে বিচিচিআইৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব বুলিও তেওঁ কয়।

এই অতিৰিক্ত টি-২০ মেচকেইখনে ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পুনৰ্নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি উল্লেখ কৰে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতিগৰাকীয়ে। ইফালে বিচিচিআয়ে পূৰ্বতে ডিচেম্বৰ ২০২৫-ৰ শেষৰ ফালে মেচ দুখন খেলিবলৈ সন্মতি দিছিল যদিও সম্প্ৰচাৰকৰ অভাৱ আৰু সময়ৰ নাটনিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল বুলি তেওঁ জানিবলৈ দিয়ে।

bcci