/asomiyapratidin/media/media_files/2025/11/16/231-2025-11-16-17-52-06.jpg)
ডিজিটেল সংবাদ, গহপুৰ : গহপুৰ সমজিলাৰ অন্তৰ্গত কলাবাৰীৰ মাজিকুছিৰ নিবাসী তথা শংকৰী সংস্কৃতিৰ সাধক মহীকান্ত বৰুৱালৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ " বায়ন চুচন চন্দ্ৰ বৰা স্মৃতি বঁটা"। উল্লেখ্য যে গহপুৰ সমজিলাৰ মাগনিৰ নিবাসী বিশিষ্ট শিক্ষাবিদ, বায়ন চুচন চন্দ্ৰ বৰাৰ পবিত্ৰ স্মৃতিত বায়ন গৰকীৰ পুত্ৰ তথা শিক্ষা বিষয়া, কবি বেদব্ৰত বৰা আৰু পৰিয়াল বৰ্গই একো গৰাকী সংস্কৃতি সাধকক প্ৰতি বছৰে উক্ত বঁটা প্ৰদান কৰি আহিছে।
এই সন্দৰ্ভত " বায়ন চুচন চন্দ্ৰ বৰা স্মৃতি ৰক্ষা ন্যাস" ৰ সভাপতি তথা অধ্যাপক সৌমিত্ৰ বৰুৱা আৰু সম্পাদক বেদব্ৰত বৰাই কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়া মতে, শংকৰী সংস্কৃতিৰ সাধক, বায়ন, বিহুৱা, অভিনেতা, সাংস্কৃতিক কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক অশীতিপৰ মহীকান্ত বৰুৱালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ " বায়ন চুচন চন্দ্ৰ বৰা স্মৃতি বঁটা "। বিবৃতিটোত উল্লেখ কৰা হৈছে যে অহা ২৩ নবেম্বৰত পুৱা ১১ বজাৰ পৰা হাৱাজান খুটিকটীয়াস্থিত অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়ত অনুষ্ঠিতব্য এক বিশেষ সভাত আনুষ্ঠানিক ভাৱে উক্ত বঁটা প্ৰদান কৰা হ'ব।
অন্যহাতেদি বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি " শংকৰদেৱৰ শিল্প ভাৱনা আৰু সাম্প্ৰতিক অসমীয়া সমাজ " শীৰ্ষক বিষয়ৰ এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। তদুপৰি ১০ গৰাকী সংস্কৃতি সাধকক ন্যাসৰ তৰফৰ পৰা উক্ত সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।বায়ন চুচন চন্দ্ৰ বৰা ন্যাসৰ তৰফৰ পৰা উক্ত সভা তথা বক্তৃতা অনুষ্ঠানত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us