/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-14-40-45.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসমৰ সত্ৰীয়া সংস্কৃতিক প্ৰানকেন্দ্ৰ হৈছে বটদ্ৰৱা,বৰপেটা আৰু মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পুৰণি সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ স্থবিৰ হৈ যোৱাৰ বিপৰীতে গতিশীল কৰি ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে এগৰাকী শিল্পীয়ে।
/asomiyapratidin/media/post_attachments/cdb35341-f6f.png)
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সত্ৰ মণ্ডলী বটদ্ৰৱাৰ দ্বাৰা আৰম্ভ কৰা সত্ৰীয়া গীত আৰু বাদ্যৰ প্ৰশিক্ষণৰ দ্বয়িত্ব গ্ৰহণ কৰিছে শিল্পী ৰঞ্জিত মহন্তই। উল্লেখ্য যে, গীত নৃত্য আৰু বাদ্যৰ প্ৰাচীন ৰূপটোক আদি পৰ্ব বোলা হয়।
/asomiyapratidin/media/post_attachments/a9a9c72c-5fd.png)
এই প্ৰাচীন পৰম্পৰা অক্ষুন্ন ৰাখি, সাংস্কৃতিক সম্পদসমূহ জীয়াই ৰখাৰ সংকল্প লৈ বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই কনকন ছাত্ৰ, ছাত্ৰী তথা নতুন প্ৰজন্মক প্ৰশিক্ষণ দি উজ্জ্বীৱিত কৰি আৰম্ভ কৰিছে, এই প্ৰশিক্ষণ কাৰ্যসূচী। বিগত বছৰৰ পৰা আৰম্ভ কৰা এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়ালৈ দি থকা হৈছে। শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান আৰু সত্ৰ মণ্ডলীৰ এই প্ৰচেষ্টা সকলোৱে শলাগ লৈছে।
/asomiyapratidin/media/post_attachments/45fd2550-c86.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us