বটদ্ৰৱাৰ শান্তিজান বজাৰত কৃষি বিভাগে বন্ধ কৰিলে কেইবাখনো অবৈধ বীজৰ দোকান

শান্তিজান বজাৰত উপস্থিত নগাওঁ জিলা কৃষি বিষয়াসহ এটা দল। নগাঁৱৰ পশ্চিমাঞ্চলৰ এই গুৰুত্বপূৰ্ণ বজাৰ খনত অনুজ্ঞাপত্ৰ নথকা একাংশ লোকে নকল ধানৰ বীজৰ বেহা চলাই আহিছিল দীৰ্ঘদিন ধৰি। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱাৰ শান্তিজান বজাৰত অবৈধ ভাৱে একাংশ অসাধু ব্যৱসায়ীয়ে নকল ধানৰ বীজ বিক্ৰী কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত শান্তিজান বজাৰত উপস্থিত নগাওঁ জিলা কৃষি বিষয়াসহ এটা দল। নগাঁৱৰ পশ্চিমাঞ্চলৰ এই গুৰুত্বপূৰ্ণ বজাৰ খনত অনুজ্ঞাপত্ৰ নথকা একাংশ লোকে নকল ধানৰ বীজৰ বেহা চলাই আহিছিল দীৰ্ঘদিন ধৰি। 

উল্লেখ্য যে, শাক পাচলিৰ দৰে মাটিতে বহি নকল ধানৰ বীজ বিক্ৰী কৰি গঞা খাটিখোৱা কৃষকক ঠগি অহিছিল অসাধু ব্যৱসায়ীয়ে। নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই শান্তিজান বজাৰ পৰিদৰ্শন কৰি অবৈধ ভাৱে বীজ বিক্ৰী কৰা কেইবাখনো দোকান বন্ধ কৰি দিয়াৰ লগতে পৰৱৰ্তী সময়ত পুনৰ এনেদৰে বীজ বিক্ৰী কৰিলে আইনী ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য আগবঢোৱা পৰিলক্ষিত হয়।

বটদ্ৰৱা নকল ধানৰ বীজ