/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-09-49-49.jpg)
ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ নৱনিৰ্মিত সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধনৰ বাবে সোমবাৰে আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বটদ্ৰৱা আগমনকলৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে।
/asomiyapratidin/media/post_attachments/49ee604a-1d6.png)
উল্লেখ্য যে, শনিবাৰে বিয়লি মন্ত্ৰী পীযুষ হাজৰিকা বটদ্ৰৱা প্ৰকল্পস্থলীত আহি প্ৰস্তুতিৰ কামকাজ তদাৰক কৰিছে।গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বে যুদ্ধংদেহী গতিৰে উন্নয়ন আৰু সৌন্দৰ্য বৰ্দ্ধনৰ কাম চলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হ'ব। ইফালে গৃহমন্ত্ৰীক আদৰনি জনোৱা উদেশ্যে প্ৰকল্পস্থলীত আইমাতৃ সকলে নামকীৰ্ত্তনৰ আখৰাত ব্যস্ত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/d210ec34-daf.png)
৬০০ আইমাতৃ সমবেত হৈ দিহানামৰ আখৰাত বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে। উল্লেখ্য যে, বিজেপি নেত্বীত্বাধীন চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পিছতেই একেটা বছৰতে কাজিৰঙাত চলোৱা উচ্ছেদৰ ঠিক পাছতেই ২৩ ছেপ্তেম্বৰত তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেত্বীত্বত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ পিছত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে জনাজাত হ'ব। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে এই আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মান হৈ উঠিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us