বটদ্ৰৱা তথা গুৰু জনাৰ গুণৰাজী প্ৰচাৰৰ বাবে বিভিন্ন প্রকাশনৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰি কাৰ্যপন্থা গ্ৰহণ

বটদ্ৰৱা থানৰ কাষৰীয়া অঞ্চল হিচাপে সত্ৰ নামঘৰ সমূহৰ লগত বটদ্রৱা থানৰ আত্মিক সম্পর্ক সক্রিয় আৰু দৃঢ় কৰি ৰখাৰ লগতে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশ গ্রহণৰ পথ সুগম কৰাকে ধৰি বহু পদক্ষেপ সম্পর্কে চর্চাৰ বাবে বৈঠক অনুস্থিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ যোৱা ২ নৱেম্বৰত অনুষ্ঠিত হোৱা শ্রী শ্রী বটদ্ৰৱা থানৰ সাধাৰণ সভাই গঠন কৰি দিয়া নতুন পৰিচালনা সমিতিখনে শ্রী শ্রী বটদ্ৰৱা থানৰ সৌন্দৰ্য্যবদ্ধন আৰু ভক্ত সকলৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ সামন্তৰাল ভাবে বটদ্ৰৱা থুলৰ সাংস্কৃতি ধাৰাৰ চৰ্চাৰ ব্যৱস্থা কৰা, বিদ্যায়তনিক দিশত আলোচনা চক্রকে ধৰি বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা আৰু বটদ্ৰৱা তথা গুৰু জনাৰ গুণৰাজী প্ৰচাৰৰ বাবে বিভিন্ন প্রকাশনৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰি কাৰ্যপন্থা হাতত লৈছে। এই সম্পৰ্কত মতামত আৰু পৰামৰ্শ গ্রহণ কৰাৰ বাবে আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। 

630b0908-b699-4415-b1a6-930b62aa2185

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যখ্যা কৰে পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে। সভাত পৰিচালনা সমিতিৰ উপদেষ্টা ব্ৰজেন কাকতি, নগাঁও মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, গৱেষক পণ্ডিত ড০ সঞ্জীৱ বৰকাকতী, ইতিহাসবিদ তথা ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকা, মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ধনঞ্জয় কুশ্ৰে, বিশিষ্ট শিল্পী ৰঞ্জিত মহন্ত, ড০ বুধেন শইকীয়া, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হিৰামনি বৰুৱা, ড০ ইন্দ্ৰজিৎ বেজবৰুৱা, দীপক শইকীয়া(যোৰহাট), কবিন পাটৰ, দিব্যজ্যোতি বৰুৱা, গিৰিশ বৰুৱা, লক্ষ্যধৰ তালুকদাৰ, প্ৰমোদ কুমাৰ দাস, নাৰায়ণ চন্দ্ৰ দাসকে আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বৈঠকত অংশ গ্রহণ কৰি বটদ্ৰৱাৰ মৌলিক শিল্প সংস্কৃতি চৰ্চা, প্ৰচাৰ প্ৰসাৰ আদি বিষয়ত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ লগতে পৰবৰ্তী সময়ত সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। 

ইফালে পুৱা  বটদ্ৰৱা থানৰ কাষৰীয়া অঞ্চল হিচাপে সত্ৰ নামঘৰ সমূহৰ লগত বটদ্রৱা থানৰ আত্মিক সম্পর্ক সক্রিয় আৰু অধিক দৃঢ় কৰি ৰখাৰ লগতে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশ গ্রহণৰ পথ সুগম কৰাকে ধৰি পাৰস্পৰিক সহযোগিতা অধিক দৃঢ় কৰাৰ বাবে গ্রহণ কৰিব লগা পদক্ষেপ সম্পর্কে চর্চা কৰাৰ বাবে এখনি বৈঠক অনুস্থিত হয়। থান পৰিচালনা সমিতিৰ কাৰ্যালয়তে বটদ্ৰৱা থানৰ শলগুৰি সত্ৰ, নৰোৱা সত্রৰ লগতে সমীপবৰ্তী কুজি সত্ৰ, বালিসত্র, কৰচোং সত্ৰ, আইভেটি সত্ৰ, নতুন ভোগবাৰী দীঘলি সত্ৰ, পকামূৰা সত্ৰ, জাজৰি কুঢ়িৰাম সত্ৰ, জাজৰি বগৰিগুৰি গজলা সত্ৰ, কোবাইকটা সত্ৰ, গোসাইবৰি শ্ৰী শ্ৰী ৰান্ধনী বৰ এলেঙী সত্ৰ, গায়ন গাঁও সত্ৰ, ৰামপুৰ সত্ৰ শিমলুতল, ৰাইডঙীয়া দীঘলি চৰাই খোলা সত্ৰকে আদি কৰি কুৰি খন সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা সমিতি, ভকত বৈষ্ণৱে অংশ গ্ৰহণেৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্ব কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে। 

d52a7e58-4f0b-4bf8-ad4a-358fa7037c0a

সভাত আৰম্ভণি ভাষণ প্ৰদান কৰি সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে "অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰ দেৱৰ পবিত্র জন্মস্থানত অবস্থিত বটদ্ৰৱা থানৰ ধর্মীয় নীতি আচাৰ পালনৰ ক্ষেত্রত বিগত সময়চোৱাত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি, পাৰস্পৰক সহযোগিতাৰ বান্ধোন অধিক শক্তিশালী কৰি গুৰুজনাৰ কৃষ্টি সংস্কৃতি উত্তৰণ ব্ৰতী হব বুলি প্ৰকাশ কৰে। সভাত কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

বটদ্ৰৱা