/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-16-31-13.jpeg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱাত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ প্ৰাকক্ষণত বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। বটদ্ৰৱাৰ প্ৰকল্পস্থলীত উপস্থিত বিজেপিৰ সভাপতি গৰাকীয়ে প্ৰকল্প পৰিদৰ্শন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/83b1028b-8fe0-48d5-99cf-fc90e4293a5c-2025-12-21-16-31-27.jpeg)
উল্লেখ্য যে,তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তৎপৰতাত বিজেপি নেত্বীত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছতেই গুৰুজনাৰ জন্মস্থানৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা ভূমি মিঞাৰ দখলৰ পৰা বেদখল মুক্ত কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/791942c2-4222-4d23-9041-edd43d91992f-2025-12-21-16-31-48.jpeg)
বটদ্ৰৱা প্ৰকল্প চলিত বর্ষৰ ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী উপস্থিত হৈ ৰাইজৰ বাবে মুকলি কৰিব অসমীয়াৰ স্বাভিমান স্বৰূপ বটদ্ৰৱা প্ৰকল্প।কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ বটদ্ৰৱা আগমনৰ প্ৰাকক্ষণত বিজেপিৰ দলীয় নেতা কৰ্মীৰ লগতে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে।ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰে যে- গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা সময়লৈকে অসমত মিঞা নাথাকিবই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/83b1028b-8fe0-48d5-99cf-fc90e4293a5c-2025-12-21-16-32-14.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us