/asomiyapratidin/media/media_files/2025/12/16/whatsapp-image-2025-12-16-08-26-57.jpeg)
ডিজিটেল ডেস্কঃ বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্তৰ বিয়োগ। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ গৰাকীয়ে। এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্ত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/7904851d-e696-46b1-b2f3-a69270ab8c77-2025-12-16-08-27-51.jpg)
উল্লেখ্য যে, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰকান্ত মহন্ত এগৰাকী বিশিষ্ট সত্ৰীয়া শিল্পী হিচাপে পৰিচিত আছিল। বটদ্ৰৱা থানৰ পৰম্পৰাগত ভোজন বেহাৰ নাটত ৫০ বাৰ সূত্ৰধাৰ আৰু কৃষ্ণ চৰিত্ৰত অভিনয় কৰি প্ৰাচীনতম সংস্কৃতি ধৰি ৰাখিছিল। ডেকা সত্ৰাধিকাৰ তথা বিশিষ্ট শিল্পী গৰাকীৰ বিয়োগত বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱৰ শোক প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/7904851d-e696-46b1-b2f3-a69270ab8c77-2025-12-16-08-28-06.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us