/asomiyapratidin/media/media_files/2025/12/07/2-2025-12-07-15-19-55.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা অঞ্চলৰ যুৱকবৃন্দৰ উমৈহতীয়া মঞ্চ বটদ্ৰৱা যুৱ মঞ্চৰ সৌজন্যত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ পুৰণি কাৰ্যালয়ৰ ভূমিত "বটদ্ৰৱা যুৱ মঞ্চ"ৰ কাৰ্যালয় স্থাপন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-2025-12-07-15-21-01.jpeg)
উল্লেখ্য যে, বটদ্ৰৱা থানৰ উত্তৰ দিশত অৱস্থিত এই ভূমিত বছৰ বছৰ ধৰি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়ৰ কাৰ্যালয়ত চলি আছিল। সমষ্টি বিভাজনৰ পিছত এই ভূমি পৰিত্যক্ত হোৱাত একাংশ লোকে ব্যক্তিগতভাৱে দখল কৰি খেতি বাতি কৰিবলৈ আৰম্ভ কৰাৰ লগতে পুখুৰীসমূহত মাছ পালন কৰিছিল। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পাছত আজি বটদ্ৰৱা যুৱ মঞ্চৰ সভাপতি নিপুমনি দেৱ গোস্বামী, সম্পাদক প্ৰাঞ্জল বৰা, সাংগঠনিক সম্পাদক মৃনাল কলিতাকে আদি কৰি সদস্যবৃন্দ সমবেত হৈ উক্ত স্থানত তেওঁলোকে নিজৰ কাৰ্যালয়টি স্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsap-2025-12-07-15-21-20.jpeg)
তাৰোপৰি, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়ৰ পুৰণি কাৰ্যালয়ৰ ৬ বিঘা মাটি বেদখলকাৰীৰ কবললৈ যোৱাৰ পূৰ্বে এই ব্যৱস্থা গ্ৰহণ কৰা বাবে অঞ্চলটোৰ বিভিন্নজনে বটদ্ৰৱা যুৱ মঞ্চক ধন্যবাদ জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us