ধিং সমষ্টিত  ২০২৬ ৰ নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ

নগাঁও জিলাৰ ধিং সমষ্টিত সক্ৰিয় হৈ পৰিছে ৰাইজৰ দল

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  ২০২৬ ৰ বিধান সভা নিৰ্বাচনক লক্ষ্য কৰি  ধিং সমষ্টিত ৰাইজৰ দল সাজু হোৱা পৰিলক্ষিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত গাঁৱে গাঁৱে ভোটাৰৰ জনমত বিছাৰি ভোটাৰ পদুলিত ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত হৈছে। ৰাজ্যত বিৰোধী দলৰ মিত্ৰতা একপ্ৰকাৰ চুৰান্ত হোৱাৰ পাছতে নগাঁও জিলাৰ ধিং সমষ্টিত সক্ৰিয় হৈ পৰিছে ৰাইজৰ দল। সভাপতি অখিল গগৈয়ে কোৱা মতে, এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে ৰাইজৰ দলৰ দলীয় কৰ্মী। 

WhatsApp Image 2025-12-04 at 6.38.10 PM

উল্লেখ্য যে, ধিং সমষ্টিৰ অনুষ্ঠানিক প্রচাৰ আৰম্ভ কৰে ৰাইজৰ দলে। ধিং সমষ্টিৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ মেহবুব মুক্তাৰৰ নেতৃত্বত বাইক ৰেলিৰে গাঁৱে গাৱে ভোটাৰৰ মতামত গ্ৰহণ কৰে। বিশেষকৈ ধিং সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা দহখন গাঁৱৰ ৰাইজৰ মাজত দলটোৱে নিজৰ নীতি-আদৰ্শ, উন্নয়নমূলক দলীয় পৰিকল্পনা প্ৰচাৰ কৰি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে। প্ৰচাৰত নামি প্ৰথমে ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰে ৰাইজৰ ঘৰে ঘৰে উপস্থিত হৈ অভাৱ অভিযোগৰ বুজ লোৱাৰ প্ৰয়াস কৰে। ইপিনে  প্ৰচাৰত মুক্তাৰক  সংগ দিয়ে- জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সম্পাদক খাইৰুল ইছলাম, সমষ্টি সমিতিৰ সভাপতি শ্বৰীফ উদ্দীন আহমেদ, সম্পাদক মোকচিদুল ইছলাম, সংখ্যালঘু কোষ সমিতিৰ সভাপতি হবিবোৰ ৰহমান ফকীৰ, জাতীয় যুৱ বাহিনীৰ সমষ্টি সভাপতি আছাদুল ইছলাম আৰু অন্যান্য নেতা কৰ্মীয়ে।

WhatsApp Image 2025-12-04 at 6.38.10 PM (1)

তাৰোপৰি, সমষ্টি ভাগ বতৰাৰ আগতেই ৰাইজৰ দলে বিভিন্ন সমষ্টিত নিজৰ প্ৰচাৰ চলোৱাৰ লগতে গঢ়ি তুলিব বিছাৰিছে  বিজেপি বিৰোধী ঢৌ। পূৰ্বে এ আই ইউ ডি এফৰ দখলত থকা সমষ্টি টোত ৰাইজৰ দলে নিজৰ জনমত সবল কৰাত যৎপৰোনাস্তি চেষ্টা কৰিছে। ৰাইজৰ দলৰ এনে উত্থানে ধিং সমষ্টিত এ আই ইউ ডি এফৰ ২০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাব পাৰিবনে সেয়া সময়ে নিৰ্ধাৰণ কৰিব।

বটদ্ৰৱা