জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি এই দিনটোত বটদ্রৱাৰ জনসভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে-  আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা পবিত্র দিন।  ২০২১ৰ ২৫ ফেব্রুৱাৰীত এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।এই ভূমি পূৰ্বে অচিনাকি লোকে দখল কৰি আছিল।

author-image
Asomiya Pratidin
New Update
web cm (1)

ডিজিটেল ডেস্কঃ বহু প্ৰত্যাশিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। আজিৰ এই দিনটো  অসমবাসীৰ বাবে হৈ থাকিব এক ঐতিহাসিক দিন। ২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। আজি এই দিনটোত বটদ্রৱাৰ জনসভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে-  আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা পবিত্র দিন।  ২০২১ৰ ২৫ ফেব্রুৱাৰীত এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।এই ভূমি পূৰ্বে অচিনাকি লোকে দখল কৰি আছিল।

WhatsApp Image 2025-12-29 at 3.48.52 PM

বৰদোৱা থানৰ পৰা এইসকল লোকক উচ্ছেদৰ দাবী তুলিছিল আপোনালোকে। দেশৰ ভিতৰতে এখন অন্যতম আধ্যাত্মিকক্ষেত্র হিচাপে পৰিচিত এই ক্ষেত্র। বৰদোৱা থানালৈ অহা লোকে কোনো মাচুল দিব নালাগে। আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প আমি এই ক্ষেত্রৰ পৰাই ল’ব লাগিব। অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। শংকৰ-মাধৱৰ জীৱন দৰ্শন বুজি নোপোৱা মানুহেৰে ঘেৰি আছো আমি। শংকৰ–মাধৱৰ সৈতে আন কাৰোৱে নাম সংলগ্ন কৰা নহ’ব। সূৰ্য আৰু চন্দ্র থকালৈকে দুই গুৰুজনাৰ আদৰ্শ আমাৰ মাজত জীয়াই থাকিব। বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয় আৰু অস্তিত্বও থাকিব লাগিব। ইপিনে জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাই। 

WhatsApp Image 2025-12-29 at 3.48.53 PM

বিকাশ আৰু জাতি একেলগে থাকিলে বিশ্বব্যাপী হ’ব অসমীয়া জাতি। ১.৪৫ লাখ বিঘা ভূমি আমি জাতিৰ বাবে মুকলি কৰিছো। অচিনাকি মানুহক আমি থকালৈকে শান্তিত থাকিবলৈ নিদিওঁ। বৰদোৱাৰ পৰা এই সংকল্প  লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে আৰু কয়- অচিনাকি লোকক মাটি বিক্ৰী, চাকৰি নিদিয়াৰ আহ্বান। জাতিৰ বৰঘৰত প্রৱেশ কৰিব নিদিব অচিনাকি লোকক। সত্র আৰু সংৰক্ষিত বনাঞ্চলৰ পৰা অচিনাকি লোকক আঁতৰি যোৱাৰ আহ্বান। অন্যথা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ মুখ্যমন্ত্রীৰ। 

WhatsApp Image 2025-12-29 at 3.48.53 PM (1)

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী অমিত শ্বাহ