/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-21-12-01.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "ভাৰতীয় দৰ্শন আধ্যাত্মিকতা, মোক্ষ আৰু ধৰ্মৰ সৈতে গভীৰভাৱে সংলগ্ন য'ত জীৱনৰ চৰম লক্ষ্য হ'ল অজ্ঞানতা দূৰ কৰি আত্মোপলব্ধি। বিপৰীতে, পশ্চিমীয়া দৰ্শন বিজ্ঞান, যুক্তি, আৰু বাহ্যিক জগতৰ বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল, যিয়ে 'ইহলোক' বা বৰ্তমান জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়ে। " এই ভাৰতীয় আৰু পশ্চিমীয়া দার্শনিক দৃষ্টিভংগী" বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আজিৰে পৰা বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-2026-01-29-21-12-19.jpeg)
নগাঁৱৰ পশ্চিমাঞ্চলত অৱস্থিত তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ অগ্ৰনী অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰখনি ভাৰতীয় দাৰ্শনিক অনুসন্ধান পৰিষদ আইচিপিআৰৰ অৰ্থ সাহাৰ্য্যৰে অনুষ্ঠিত কৰে। আলোচনাচক্ৰৰ আদৰণি ভাষণ প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাই দেশৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক, শিক্ষক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু অতিথি বৃন্দক গুৰু শংকৰদেৱৰ ভূমি বটদ্ৰৱাৰ এই মহাবিদ্যালয় খনিলৈ আদৰনি জনাই, সীমিত সুবিধাৰে আয়োজন কৰা এই আলোচনাচক্ৰ খনিত সকলোৱে সফলতাৰ হাত আগবঢ়োৱাৰ বাবে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-image-2026-01-29-21-12-33.jpeg)
অধ্যাপক শ্বৰিফুল ইছলামে আঁত ধৰা আলোচনাচক্ৰৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে কেৰেলা ৰাজ্যৰ শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কে কে গীতাকুমাৰীয়ে। উপাচাৰ্য অধ্যাপক কে কে গীতাকুমাৰীয়ে কয় যে- "এয়া শ্ৰী শংকৰাচাৰ্য আৰু শংকৰদেৱৰ ভূমিৰ সমন্বয়। মই নিজকে ধন্য মানিছো এই স্থানলৈ আহি বুলি প্ৰকাশ কৰাৰ লগতে ভাৰতীয় দৰ্শনৰ প্ৰাচীন, আধ্যাত্মিক আৰু ব্যৱহাৰিক জ্ঞানৰ ধাৰা, যি মানৱ জীৱনৰ দুখ-কষ্টৰ পৰা মুক্তি আৰু আত্মোপলব্ধিৰ পথ প্ৰদৰ্শন কৰে। ''
উদ্ধোধনী অনুষ্ঠানত বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈ, পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ মৈত্ৰী শৰ্মাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত ভাৰতীয় আৰু পশ্চিমীয়া দার্শনিক দৃষ্টিভংগী বিষয়ক আলোচনাচক্ৰৰ সংক্ষিপ্ত সাৰাংশ সামৰি প্ৰকাশ কৰা "সমাধান" শীৰ্ষক গ্ৰন্থ খনিউন্মোচন কৰে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই। বৰগীত, সত্ৰীয়া নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গ আৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পুস্পলতা ভৰালী বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-im-2026-01-29-21-13-02.jpeg)
উল্লেখ্য যে, ইয়াৰ পাছত আৰম্ভ হোৱা প্ৰথম সত্ৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লোপামুদ্ৰা চৌধুৰী আৰু কলকাতা প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ অধ্যাপক অৰ্নৱ কুমাৰ মুখোপাধ্যায়ে। চণ্ডিগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা দাৰ্শনিক চেবাচটিয়ান ভেলাচেৰীয়ে অধ্যক্ষৰ আসন অলংকৃত কৰা সত্ৰত "ইপিষ্টিমলজি" বিষয়ৰ আলোচিত হয়। দ্বিতীয় সত্ৰত শিলিগুৰিৰ নৰ্থ বেংগল বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্মীকান্ত পাধী আৰু শ্বিলঙৰ নেহুৰ অধ্যাপক ড০ অৰিবম উত্তম শৰ্মাই সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। অহা ৩১ জানুৱাৰীলৈ চলিবলগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত আগন্তুক দুটা দিনত অধ্যাপক, শিক্ষক, গৱেষক, ছাত্ৰ ছাত্ৰীয়ে "ভাৰতীয় আৰু পশ্চিমীয়া দার্শনিক দৃষ্টিভংগী" বিষয়ৰ বিভিন্ন মৌলিক গৱেষণা পত্ৰ অসমীয়া, ইংৰাজী, আৰু হিন্দী ভাষাত উপস্থাপন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us