বটদ্ৰৱা থানৰ নতুন পৰিচালনা কমিটী গঠনৰ বাবে জিলা আয়ুক্তৰ অন্তৱৰ্তীকালীন কমিটী গঠন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নগাওঁ জিলা আয়ু্ক্ত দেৱাশীষ শৰ্মাই আজি এক নিৰ্দেশনাৰ জৰিয়তে বটদ্ৰৱা থানৰ এখন অন্তৱৰ্তীকালীন কমিটী আৰু অস্থায়ী উপ-সমিতি গঠন কৰিছে।

author-image
Tushar Pratim
New Update
বটদ্ৰৱা থানৰ নতুন পৰিচালনা কমিটী গঠনৰ বাবে জিলা আয়ুক্তৰ অন্তৱৰ্তীকালীন কমিটী গঠন

বটদ্ৰৱা থান

ডিজিটেল ডেস্কঃ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দীৰ্ঘদিনীয়া বিবাদ অৱসানৰ দিশে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়ে নগাওঁ জিলা আয়ু্ক্ত দেৱাশীষ শৰ্মাই আজি এক নিৰ্দেশনাৰ জৰিয়তে বটদ্ৰৱা থানৰ এখন অন্তৱৰ্তীকালীন কমিটী গঠন কৰাৰ লগতে ভাদ মাহৰ কাৰ্যসূচী সমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন উপ-সমিতিও গঠন কৰি দিয়ে।

Advertisment

উল্লেখ্য যে, বটদ্ৰৱা থানৰ পৰিচালনা সমিতিক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি চলি অহা বিবাদৰ অৱসান ঘটাই গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১১ আগষ্টত JR/GA/NG/2025/7900 ক’ৰ্ট অৰ্ডাৰৰ জৰিয়তে নগাওঁ জিলাৰ আয়ুক্তক সাধাৰণ সভা আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ নিৰ্বাচন শীঘ্ৰেই অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশ অনুসৰণ কৰিয়েই আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এক নিৰ্দেশ জাৰি কৰি এখন অন্তৱৰ্তীকালীন কমিটী গঠন কৰে। 

জিলা আয়ুক্ত নিজেই অধ্যক্ষ হিচাপে থকা এই অন্তৱৰ্তীকালীন কমিটীৰ সদস্য-সচিব হিচাপে আছে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকী। আনহাতে সদস্য হিচাপে আছে ক্ৰমে নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত, খাগৰিজান খণ্ড উন্নয়ন কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া, বটদ্ৰৱাৰ নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভোগেশ্বৰ বৰা, ইন্দ্ৰমোহন বৰুৱা, ভাস্কৰজ্যোতি বৰা, বদন কলিতা, গুণমণি কলিতা আৰু পাৰ্থজিত দাস। 

এই অন্তৱৰ্তীকালীন কমিটীয়ে সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বটদ্ৰৱা থানৰ নতুন পৰিচালনা কমিটীৰ নিৰ্বাচনৰ বাবে আইনী দিশসমূহ লক্ষ্য ৰাখি, বটদ্ৰৱা থানৰ সংবিধানৰ অনুসৰণ কৰি জিলা প্ৰশাসনৰ পৰ্যবেক্ষণত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

তাৰোপৰি চলিত ভাদ মাহ উপলক্ষে বটদ্ৰৱা থানৰ কাম-কাজ পৰিচালনা কৰিবলৈয়ো জিলা আয়ুক্তগৰাকীয়ে এখন অস্থায়ী উপ-সমিতি গঠন কৰি দিছে। এই উপ-সমিতিৰ সদস্যসকল ক্ৰমে নিপুমণি দেৱ গোস্বামী, উজ্জ্বল জ্যোতি দেৱ গোস্বামী, বিকাশ কলিতা, প্ৰাঞ্জল বৰা আৰু বিনয় কলিতা। জিলা আয়ুক্তগৰাকীয়ে জাৰি কৰা এই নিৰ্দেশ আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে। আশা কৰা হৈছে ভাদ মাহৰ পিছতেই অন্তৱৰ্তীকালীন কমিটীখনে সাধাৰণ সভা আহ্বানৰে নতুন কমিটী গঠনৰ পদক্ষেপ গ্ৰহণ কৰিব। 

WhatsApp Image 2025-08-21 at 20.33.25

বটদ্ৰৱা থান নগাওঁ জিলা আয়ুক্ত