/asomiyapratidin/media/media_files/2025/11/25/1-2025-11-25-15-18-54.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ অন্তৱৰ্তীকালীন অধ্যয়নৰ অন্তৰ্গত কাৰ্যসূচী "গৱেষণা পত্ৰ পৰীক্ষণ কাৰ্যসূচী, আনুষ্ঠানিক সাক্ষাৎকাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান" সম্পন্ন হয়। পুৱা গৱেষণা প্ৰতিষ্ঠানৰ পুথিভঁৰালত অনুষ্ঠিত আৰম্ভণি সভাত গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সভাপতি অতুল মহন্তই আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু সমল ব্যক্তি সকলক আদৰণি জনাই ভাষণ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-15-16-53.jpeg)
উল্লেখ্য যে প্ৰবক্তা প্ৰাঞ্জল হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধক্ষ্যা ড০ নমিতা কলিতাই "গুৰু জন্মভূমি বটদ্ৰৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত বহু মূল্যৱান সমল বিৰাজমান। এই সমল সমূহৰ পৰা তথ্য আহৰণ কৰি নৱপ্ৰজন্মই আমাৰ সংস্কৃতি, সাহিত্য, শিক্ষাৰ বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব" বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে লোৱা ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ এই বিশেষ কাৰ্য্যসূচীৰ সফল কামনা কৰি বটদ্ৰৱাৰ ঐতিহাসিক তাৎপৰ্য্য চমু আভাস দাঙি ধৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-image-2025-11-25-15-17-12.jpeg)
তাৰোপৰি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ ত্ৰিদিপ গোস্বামী, বিশিষ্ট শিল্পী ৰঞ্জিত মহন্ত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰা কাৰ্য্যসূচীত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ৮০ গৰাকী শিক্ষাৰ্থীয়ে নিজৰ নিজৰ গৱেষণা পত্ৰ পৰীক্ষণ কৰাৰ লগতে আনুষ্ঠানিক সাক্ষাৎকাৰ সম্পন্ন কৰি প্ৰমান পত্ৰ গ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/25/whatsapp-2025-11-25-15-17-33.jpeg)
প্ৰাণিধানযোগ্য যে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সহকাৰী সম্পাদক তুৱাৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ সোণাৰাম নাথ, ড০ পিযুষ দেৱনাথ, ড০ অঞ্জনা দেৱীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us