/asomiyapratidin/media/media_files/2025/09/21/nagaon-21-2025-09-21-18-46-16.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত আজি অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাৱিকা সমন্বিতে বিদ্যালয়ৰসমূহ কৰ্মকৰ্তাই।
ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা জুবিনৰ এখনি চিত্ৰ অংকনৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানৰ আঁতধৰে চিত্ৰকলা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মোহন বৰুৱাই। "মায়াবিনী ৰাতিৰ বুকুত" গীতটিৰ গুঞ্জনেৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সামগ্ৰিকভাৱে পৰিচালনা কৰে বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই।
অসমীৰ হিয়াৰ আমঠু প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এগছি বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰেসমূহ বটদ্ৰৱাৰ ৰাইজে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱা, কবি কন্দৰ্প কুমাৰ কলিতা, সাংবাদিক দিব্যজ্যোতি বৰুৱাই জুবিনক সোঁৱৰণ কৰি বক্তব্য ৰাখে।
জ্যোতিষ্মান মহন্তই "মায়াবিনী নিশাৰ বুকুত" গীতটি সমস্বৰে পৰিৱেশন কৰে। অনুষ্ঠানত পংকজ কলিতা, চিন্ময় শৰ্মা, জীতেন বৰদলৈকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।