ভূমি কেন্দ্ৰীক বিবাদৰ ভয়ংকৰ পৰিণতিঃ ভাতৃৰ হাততে প্ৰাণ হেৰুৱালে এজনে...

বটদ্ৰৱাৰ সমীপৱৰ্তী জামুগুৰি গাঁৱত ভূমি কেন্দ্ৰীক সংঘাটৰ ভয়ংকৰ পৰিণতি। দুটা পৰিয়ালৰ মাজত সংঘটিত হোৱা ভূমি কেন্দ্ৰীক বিবাদৰ মাজতে প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে। 

author-image
Asomiya Pratidin
New Update
atradava abu hanif

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাত ভূমি কেন্দ্ৰীক সংঘাটৰ ভয়ংকৰ পৰিণতি। দুটা পৰিয়ালৰ মাজত সংঘটিত হোৱা ভূমি কেন্দ্ৰীক বিবাদৰ মাজতে প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে। 

জানিব পৰা মতে বটদ্ৰৱাৰ সমীপৱৰ্তী জামুগুৰি গাঁৱত আজি সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি বাহাৰুল ইছলাম নামৰ এজন লোকৰ আক্ৰমণত প্ৰাণ হেৰুৱাই আবু হানিফ নামৰ এজন লোকে। 

উল্লেখ্য যে, বাহাৰুল আৰু আবু হানিফ সম্পৰ্কত দুয়ো ভাই-ককাই। দীৰ্ঘদিন ধৰি বাহাৰুল ইছলাম আৰু আবু হানিফৰ পৰিয়ালৰ মাজত আছিল ভূমিৰ সীমা কেন্দ্ৰীক বিবাদ।  

জানিবলৈ দিয়া মতে আজি অতৰ্কিতে হানিফৰ পৰিয়ালৰ ওপৰত বাহাৰুলৰ পৰিয়ালে ৰ’ড, কাঠৰ বাটাম আদি লৈ আক্ৰমণ কৰে। এই আক্ৰমণতে আবু হানিফৰ মৃত্যু হয়। 

পাছত ঘটনাস্থলীত উপস্থিত হয় দগাওঁ আৰক্ষী আৰু আবু হানিফৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে এই হত্যাকাণ্ডৰ সন্দৰ্ভত বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

বটদ্ৰৱা