আৰক্ষীৰ নাকৰ তলতে চোৰৰ ধাৰাবাহিক চাফাই অভিযান বিদ্যুত উপসংমণ্ডল বটদ্ৰৱাৰ নিয়ন্ত্ৰণ কক্ষত

যোৱা ২২ আৰু ২৪ ছেপ্তেম্বৰৰ পাছত পুনৰ যোৱা নিশা বিদ্যুত উপসংমণ্ডল বটদ্ৰৱাৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা প্ৰায় ৫০ লাখ টকাৰ এলুমিনিয়াম তাঁৰ চুৰি হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে।

author-image
Asomiya Pratidin
New Update
batradava 29

ডিজিটেল সংবাদ বটদ্ৰৱাঃ চোৰ ধৰাৰ নামত শূন্যত গদা ঘুৰাইছে বটদ্ৰৱা আৰক্ষীয়ে। আৰক্ষীৰ সন্মুখৰ পৰা চোৰে লৈ গ’ল লক্ষ লক্ষ টকাৰ বৈদ্যুতিক সামগ্ৰী। 

বিদ্যুত উপসংমণ্ডল বটদ্ৰৱাৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা প্ৰায় ৫০ লাখ টকাৰ কণ্ডাক্টৰ(এলুমিনিয়াম তাঁৰ) চুৰি হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে। যোৱা ২২ ছেপ্তেম্বৰ আৰু ২৪ ছেপ্টেম্বৰ পাছত ২৮ ছেপ্তেম্বৰৰ নিশাও চোৰে আৰক্ষীৰ চকুত ধূলি দি লাখ লাখ টকাৰ কণ্ডাক্টৰ(এলুমিনিয়াম তাঁৰ) লৈ উধাও হয়। 

চোৰে চুৰি কাণ্ড সংঘটিত কৰি থকাৰ সময়তে বটদ্ৰৱা আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত থাকিও কণ্ডাক্টৰ চোৰক কৰায়ত্ত্ব কৰিব নোৱাৰাৰ বিষয়টোত ৰহস্যৰ গোন্ধ পাইছে সচতেন ৰাইজে। কিদৰে বাৰে বাৰে একে ঠাইৰ পৰাই চোৰে এইদৰে ৰাজহুৱা সম্পত্তি চোৰ কৰিব পাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। 

কিয়নো এইখিনি স্থানৰ পৰাই ২২ ছেপ্তেম্বৰৰ পৰা মুঠ তিনিবাৰ এলুমিনিয়াম তাঁৰ চোৰ হৈছে। অথচ এই স্থানৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত আছে বটদ্ৰৱা আৰক্ষী। তাৰ পাছতো চোৰে বাৰে বাৰে এইদৰে কেনেকৈ চোৰ কৰিব পাৰিছে সেয়া এক ডাঙৰ ৰহস্য হৈ পৰিছে। এই ঘটনাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। 

চুৰি কাণ্ড চুৰি বটদ্ৰৱা