কেৱল ৰাজনীতি নহয়, অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ'ব নোৱাৰিলে জাতিৰ উত্তৰণ অসম্ভৱ

ধিং সমষ্টিত ৰাইজৰ দলৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ  ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত ক্ৰমে গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। এতিয়া সকলো ৰাজনীতিক নেতাৰ যেন লক্ষ্য হৈ পৰিছে দিছপুৰ। দিছপুৰ দখলৰ অঘোষিত প্ৰতিযোগিতাৰ মাজতে ধিং সমষ্টিত পথাৰ আৰু বজাৰ দখলৰ প্ৰয়াস ৰাইজৰ দলৰ। 

WhatsApp Image 2025-11-26 at 9.21.58 PM

উল্লেখ্য যে ৰাজনৈতিক সভা সমিতিত ব্যস্ত থকাৰ বাবে যেন কোনো দলীয় কৰ্মীৰ পথাৰৰ কাম পৰি নাথাকে তালৈকো চকু দিছে ৰাইজৰ দলৰ ধিং সমষ্টি কমিটিয়ে। হাতে হাত ধৰি ধিং সমষ্টি ৰাইজৰ দখললৈ অনাৰ চেষ্টাৰ মাজতে দলীয় কৰ্মীৰ হাতে হাত ধৰি ইজনে সিজনৰ পথাৰৰ ধান চপাই দিয়াৰ দায়িত্বও লৈছে। কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা ধিং সমষ্টিৰ ৰাইজৰ দলৰ শিক্ষিত কৃষক ছাহানুৰ আলম নামৰ কৰ্মী জনৰ পথাৰত তেওঁক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ মেহেবুৰ মুক্তাৰৰ নেতৃত্বত ৰাইজৰ দলৰ কৰ্মীয়ে শ্ৰম দান কৰি ধান দাই কৃষক জনক সকাহ দিয়ে। 

WhatsApp Image 2025-11-26 at 9.21.58 PM (1)

তাৰোপৰি ধান কাটি শেষত ৰবাব টেঙাৰ জুটিও ললে কৰ্মী সকলে। ধানদোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেহবুব মুক্তাৰে কেৱল ৰাজনীতি নহয়, অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ'ব নোৱাৰিলে জাতিৰ উত্তৰণ অসম্ভৱ বুলি প্ৰকাশ কৰে। 

বটদ্ৰৱা ৰাইজৰ দল