/asomiyapratidin/media/media_files/2025/10/19/fbgfdsffdsfss-2025-10-19-19-52-53.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "জুবিন গাৰ্গ বিহীন ৩০ দিন। অসহনীয়, বেদনাদায়ক। অসমীয়াই কেতিয়াও, কোনোকালে জুবিন গাৰ্গক পাহৰিব নোৱাৰিব। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ ৰাজ্যবাসী। প্ৰিয় শিল্পীজনক হেৰুৱাই আমি আজিও স্বাভাৱিক হ'ব পৰা নাই।" এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ।
বটদ্ৰৱা সচেতন যুৱ সংঘৰ সৌজন্যত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি তেওঁ এই মন্তব্য প্ৰদান কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ সম্পূৰ্ণ হোৱা দিনটোতে বটদ্ৰৱা সৰুহিছা ৰাজহুৱা মঞ্চত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁ পুস্পাঞ্জলি অৰ্পণ কৰে।
ইফালে, পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই। পাছত দুপৰীয়া ১ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। "জুবিনৰ জীৱন আৰু গান" শীৰ্ষক কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। বিয়লি ৩ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা গীতে মাতে জুবিন গাৰ্গক স্মৰন অনুষ্ঠানত সাহিত্যিক, সমাজকৰ্মী জগন্নাথজ্যোতি বৰা, শিল্পী দিপাংক গিৰি দেৱ গোস্বামী, জগন্নাথ কলিতা, ৰাকেশ বনিককে আদি কৰি শতাধিক লোক উপস্থিত থাকে।