বটদ্রৱাত আৰক্ষীৰ অভিযানত উৎখাত চোৰৰ এটা বৃহৎ‍ চক্র

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা আৰু আশে-পাশে থকা অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ, নামঘৰ, মন্দিৰত চুৰি কাৰ্য কৰি অহা চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বিগত ৭ দিনত মুঠ ১১ টাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
UYUTRERFEWFEFR

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ চোৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা আৰু আশে-পাশে থকা অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ, নামঘৰ, মন্দিৰত চুৰি কাৰ্য কৰি অহা চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বিগত ৭ দিনত মুঠ ১১ টাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

মঙলবাৰেও বটদ্ৰৱা অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলে তিনিটা চুৰক গ্ৰেপ্তাৰ কৰে। চোৰ কেইটাৰ পৰা আৰক্ষীয়ে বৈদ্যুতিক ফেন, কাঁহ পিটলৰ কাহী, ঘটি লোটা, হেতা, তৌ, বাতি, তামৰ থালি, ত্ৰিশূল, ধূপদানি, বাল্টি, কেমেৰা, মবাইল ফোন, ষ্টিলৰ বাচন বৰ্তন, বৈদ্যুতিক জোখমাখ যন্ত্ৰ, নগদ ধন আদি বুজন পৰিমাণৰ বহু মূল্যৱান চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়।

উল্লেযোগ্য যে, দীৰ্ঘদিন ধৰি বটদ্ৰৱা এলেকাত ব্যাপক উপদ্রব চলাই আহিছিল চোৰে। স্বৰ্ণলঙ্কাৰ, নগদ ধনসহ বিভিন্ন মূল্যবান সামগ্ৰী চোৰ কৰি এক তাণ্ডৱ চলাই আহিছিল চোৰৰ দলে। চোৰৰ এনে সন্ত্ৰাসত ত্ৰাহি মধুসূদন দেখা বটদ্ৰৱাবাসীয়ে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ ওচৰ চাপিছিল। সমান্তৰালভাৱে চোৰক নাকি লগাবলৈ আৰক্ষীৰ ওচৰত লিখিতভাবে আবেদন জনাইছিল।

ইয়াৰ পিছতে চোৰৰ বিৰুদ্ধে অভিযানত নামে আৰক্ষী। আৰক্ষী বিষয়া গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলে পৃথক পৃথকভাবে অভিযান চলাই বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা বিগত দিনত ১১ টা চোৰক কৰায়ত্ব কৰে।

উল্লেখ্য যে, মঙলবাৰে আৰক্ষীয়ে কৰায়ত্ব কৰা ধৃত চোৰ কেইটা নগাঁও জিলাৰ বলিকটীয়াৰ ৰফিকুল ইছলাম, জয়নাল আবেদিন আৰু মেলেকা ধিং গাঁৱৰ ইছটাক হুছেইন বুলি জানিব পৰা গৈছে। বৰ্তমান এই চোৰকেইটাক অধিক তদন্তৰ বাবে বটদ্ৰৱা থানাত জেৰা অব্যাহত ৰখা হৈছে। ভবিষ্যতেও চোৰৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া মহন্তই।

বটদ্ৰৱা