মাহজোৰা নাম ৰখা পৰম্পৰাৰ অন্তত বটদ্ৰৱা থানত 'নাম সামৰণি মহোৎসৱ'

ভকত বৈষ্ণৱে হাতে হাতে তাল লৈ ভৰি চালনাৰে এই নাম সামৰণিৰ ঘোষা কীৰ্তনৰ অনুষ্ঠান পৰিৱেশন কৰি বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-17 at 5.46.08 PM

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ মাহজোৰা নাম ৰখা পৰম্পৰাৰ অন্তত বুধবাৰে বটদ্ৰৱা থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ উদযাপন হয়। বিয়লি কীৰ্তনঘৰত নাম সামৰণিৰ বিশেষ কাৰ্য্যসূচী ঘোষা কীৰ্তন অনুষ্ঠিত হয়।

Capturebjgvghg

 সত্ৰৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো ভকত বৈষ্ণৱে হাতে হাতে তাল লৈ ভৰি চালনাৰে এই নাম সামৰণিৰ ঘোষা কীৰ্তনৰ অনুষ্ঠান পৰিৱেশন কৰি বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

Capturehbjhj

উল্লেখযোগ্য যে, ১৬৫৬ খ্রীষ্টাব্দত আই কনকলতাই বটদ্ৰৱা থান উদ্ধাৰৰ পাছৰ পৰাই ভাদ মাহৰ শেষৰটো দিনত থানৰ ভকত বৈষ্ণৱে এই ঘোষা কীৰ্তনৰ অনুষ্ঠানটি পৰিবেশন কৰি আহিছে। বিয়লি 'ঘোষা কীৰ্তন'ৰ নামত থানৰ ভকত বৈষ্ণবৰ পৰা আদি কৰি শিশুলৈকে সকলোৱে হাতত তাল লৈ অংশ গ্রহণ কৰে। হাত ভৰি সঞ্চালনৰ মাজেৰে পৰিবেশন কৰা এই অপূৰ্ব সাংস্কৃতিক অনুষ্ঠানটিত হাতী খুজীয়া, বগলী খুটীয়া, নূপূৰ চলোৱা, চিটিকা, চিৰল আদি বিভিন্ন নৃত্য(মান) পৰিৱেশিত হয়। 

Capturehjhjhjhkjjjkj

কীৰ্তনঘৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান দুই পদশিলা, হাটী পুখুৰী, শিলিখা বৃক্ষ আৰু আকাশী গংগা পৰিক্রমা কৰি অৱশেষত সামৰণি মাৰে। বহু শতিকা পুৰণি ভাদ মাহৰ এই মনোমোহা সাংস্কৃতিক উপাদনেৰে সমৃদ্ধ ভাদ মাহৰ নাম সামৰণি মহোৎসৱত বটদ্রৱা থানলৈ আহি ভক্ত বৈষ্ণৱে এগচি বন্তি, এভাগ নৈবেদ্য আগবঢ়াই ভগবন্তৰ নাম শ্রৱন-কীৰ্তন কৰি বিমল পৰমাৰ্থিক আনন্দ লাভ কৰে।

বটদ্ৰৱা থান বটদ্ৰৱা